অ’লা আৰু উবেৰকে ধৰি কেব পৰিচালকসকলক তেওঁলোকৰ বুকিং প্ৰণালী উন্নত নকৰালৈকে আৰু গ্ৰাহকৰ বৰ্ধিত অভিযোগবোৰ নিষ্পত্তি নকৰালৈকে সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিলে চৰকাৰী কৰ্তৃপক্ষই। অন্যথা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।
চৰকাৰে আজি ৰাইড-হাইলিং প্লেটফৰ্মৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে, যাৰ ভিতৰত আছে ৰাইড বাতিলকৰণ নীতিকে ধৰি গ্ৰাহকৰ অসুবিধা সমূহ।বহুতো অভিযোগত কোৱা হৈছিল যে চালকসকলে গ্ৰাহকসকলক বুকিং গ্ৰহণ কৰাৰ পিছত ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য কৰে, যাৰ ফলত গ্ৰাহকসকলে বাতিলৰ জৰিমনা পৰিশোধ কৰিব লগীয়া হয়।
বৈঠকৰ পিছত উপভোক্তা পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে কয়,”আমি ততেওঁলোকৰ প্লেটফৰ্ম সমূহৰ বিৰুদ্ধে বৰ্ধিত গ্ৰাহকৰ অভিযোগৰ বিষয়ে কৈছিলো। আমি তেওঁলোকক ইয়াৰ পৰিসংখ্যাও দিছিলো। আমি তেওঁলোকক তেওঁলোকৰ প্ৰণালী উন্নত কৰিবলৈ আৰু উপভোক্তা অভিযোগৰ নিষ্পত্তি কৰিবলৈ কৈছো অন্যথা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”
গ্ৰাহকৰ অসন্তুষ্টিৰ পৰিমাণৰ বিষয়ে ইংগিত দি তেওঁ কয় যে জাগো গ্ৰাহক জাগোৰ হেল্পলাইনত অভিযোগবোৰ কেৱল এশ ভাগৰ এভাগ হে।কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ মুখ্য আয়ুক্ত নিধি খাৰে কৈছিল যে কেব পৰিচালক সকলে তৎক্ষণাৎ ইয়াৰ সমাধান উলিয়াব লাগিব।