দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান ৷ জামিন প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ 2012 চনৰ 24 এপ্ৰিলত সংঘটিত হৈছিল শ্বীনা বৰাৰ হত্যাকাণ্ড৷
এই ঘটনাৰ পিছত মুম্বাই আৰক্ষীয়ে চিবিআইক গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ৷ 2015 চনৰ পৰা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ন্যস্ত আছে চিবিআইৰ এপৰত ৷ 2012 চনৰ 24 এপ্ৰিলত শ্বীনা বৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল ৷ 2015 চনৰ আন এক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ বাহনৰ চালকক আৰক্ষীয়ে আটক কৰিছিল ৷ শ্যামবৰ ৰায় নামৰ চালকজনক আটক কৰাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
তদন্তৰ সময়ত শ্যামবৰ ৰায়ে শ্বীনা বৰাক হত্যা কৰাৰ কথা স্বীকাৰ কৰি মৃতদেহটো মহাৰাষ্ট্ৰৰ ৰায়গড়ত পেলাই দিয়া বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি এই ঘটনাত শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু সঞ্জীৱ খান্না (ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী) জড়িত থকা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছিল ৷
আদালতৰ সন্মুখত চিবিআয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি, শ্বীনা বৰাক ইন্দ্ৰাণী মুখাৰ্জীয়ে হত্যা কৰিছিল ৷ কিয়নো শ্বীনা বৰা আৰু পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জী (ইন্দ্ৰাণী মুখাৰ্জীৰ তৃতীয় স্বামী) ৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ইন্দ্ৰাণী মুখাৰ্জীয়ে ৷