অসমৰ প্ৰথম মহিলা মিউজিকেল ব্ৰেণ্ড “সুৰসমলয়”ৰ সৌজন্যত “এই ধুনীয়া গধূলি লগন” শীৰ্ষক এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠান কালি সন্ধ্যা নগাঁৱত অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামী,বিশিষ্টা কন্ঠশিল্পী দূৰ্গাময়ী বৰা,নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে । এই অনুষ্ঠানতে “সুৰসমলয়” ৰ শিল্পীসকলৰ সংগ্ৰামৰ বিষয়ে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা,দেশ বিদেশত সমাদৃত হোৱা তথ্যচিত্ৰ “ব্ৰেকিং দ্যা চাইলেঞ্চ” প্ৰদৰ্শন কৰাৰ লগতে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক সুৰসমলয়ৰ “জোনাকী বাট ” বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত গৌৰৱ কুমাৰ হাজৰিকাৰ পৰিচালনাত “সূত্ৰধাৰ”ৰ শিল্পীসকলে পৰিবেশন কৰা নৃত্যানুষ্ঠান “জোনাকী বাটেৰে” শীৰ্ষক অনুষ্ঠানে দৰ্শকক মোহাচন্ন কৰি ৰাখে । লগতে আকাশবাণী নগাঁও কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা পল্লবী কলিতাৰ ভায়’লীন আৰু অঞ্জলী মহন্তৰ মেণ্ডোলীনৰ যুগলবন্দীয়ে সকলোকে আপ্লুত কৰি তোলে । সচেতনমহলে সুৰসমলয়ে কালি নগাঁওবাসীক এটি সুন্দৰ সন্ধ্যা উপহাৰ দিলে বুলি মন্তব্য কৰিছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও