১-২ জুনত সৰুসজাইত অনুষ্ঠিত হ’ব ৰাজ্যিক মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতা

1 min read

অসম এথলেটিক্‌ছ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথম সংখ্যক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিক্‌ছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অংশগ্ৰহনৰ প্ৰক্ৰিয়া উদ্যোক্তাসকলে মুকলি কৰিছে।

এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯ জুনত গুজৰাটৰ বড়োদৰাত ভাৰতীয় এথলেটিক্‌ছ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতাত অংশগ্ৰহনৰ সুবিধা লাভ কৰিব।

প্ৰতিযোগিতাত অংশগ্ৰহনকাৰী প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণপত্ৰ হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড/জন্মৰ প্ৰমাণপত্ৰ/আধাৰ কাৰ্ড/পেন কাৰ্ড লগত আনিব লাগিব। লগতে এথলীটসকলে ক’ভিড প্ৰতিৰোধী ভেকচিন গ্ৰহনৰ প্ৰমানপত্ৰও অংশগ্ৰহনৰ পূৰ্বে জমা দিব লাগিব।

এগৰাকী প্ৰতিযোগিতায়ে ব্যক্তিগত শাখাৰ দুটাকৈ ইভেন্টত যোগদান কৰিব পৰা এই প্ৰতিযোগিতাত প্ৰায় ৪০০ তকৈও অধিক ইভেন্ট অনুষ্ঠিত হ’ব। খেলুৱৈ সকলে ২৮জুনৰ পূৰ্বে অংশগ্ৰহনৰ নিশ্চয়তা অসম এথলেটিক্‌ছৰ assamathleticsassociation@gmail.com ই-মেইলত প্ৰেৰণ কৰিব লাগিব।

আনহাতে, অহা ১-২ জুন তাৰিখে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ পূৰ্বে প্ৰস্তুতি সম্পৰ্কে আৰু প্ৰতিযোগিতাৰ কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অসম এথলেটিক্‌ছ সন্থাৰ বিষয়-ববীয়াসকলৰ মাজত বৃহস্পতিবাৰে এখন ভাৰ্চুৱেল সভাও অনুষ্ঠিত হয়।

You May Also Like

More From Author