নগাঁৱৰ কামপুৰৰ বান শিবিৰত নগাঁও জিলা কবি সন্মিলনৰ বান সাহাৰ্য প্ৰদান#

1 min read

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনে শাখা সমূহৰ সহযোগত ৰবিবাৰে কপিলী,নিশাৰী আৰু বৰপানী নদীৰ বানে বিধ্বস্ত কৰা কামপুৰৰ বান শিবিৰত বান সাহাৰ্য প্ৰদান কৰে। ৰাজপথ-মথাউৰিত শিবিৰ পাতি দূৰ্বিসহ জীৱন কটোৱা বন্যাৰ্তক,কাপোৰ,খাদ্য,সামগ্ৰী,নেপকিন,চাবোন,ফেনাইলৰ বটলকে ধৰি বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰে। বাৰেগোগা,নাৰিকলি আৰু কুঁৱৰীআটিৰ বান শিবিৰসমূহত সাহাৰ্য প্ৰদান কৰা হয়। নগাঁও সদৰ ৰঙাজিঞা শাখা,ধিং আঞ্চলিক কবি সন্মিলন,জামুগুৰি শাখা কবি সন্মিলন,মন্দাকিনী কবি চক্ৰ,ফুলগুৰি আঞ্চলিক কবি সন্মিলন,সোণাইপৰীয়া শাখা কবি সন্মিলনে বান সাহাৰ্য অভিযানত সহযোগিতা আগবঢ়ায়। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণৰ ভগ্নী অসমী শইকীয়াইও নগাঁও জিলা কবি সন্মিলনৰ বান সাহাৰ্য অভিযানলৈ সাহাৰ্য আগবঢ়ায়।

বান সাহাৰ্য প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী, উপদেষ্টা নৱজ্যোতি শৰ্মা বৰুৱা, জিলা সভাপতি দ্বীজেন্দ্ৰ নাথ হাজৰিকা,উপ সভাপতি অশোকৰাম ভট্ৰাচাৰ্য,শশী কেওট,নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মা,সম্পাদক ৰাজু সমীৰণ,প্ৰচাৰ সম্পাদক নীলকমল শইকীয়া,কবি চন্দ্ৰ বৰাকে প্ৰমুখ্য কৰি বহু কেইবাজনো কবিয়ে। লগতে নগাঁও জিলা কবি সন্মিলনে সকলো হৃদয়বান লোককে কামপুৰৰ বানক্ৰান্ত ৰাইজক সহায় -সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author