সৰু কেঁচুৱাটো অৱশেষত ঘৰত আছে:প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে জীয়েকৰ প্ৰথমখন ফটো

0 min read

এটা হৃদয়স্পৰ্শী টোকা লিখি মাতৃ দিৱসৰ দিনা প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে জীয়েকৰ প্ৰথমখন ফটো।চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছিল, “”আমি আনন্দিত যে আমাৰ সৰু ছোৱালীজনী অৱশেষত ঘৰত আছে, আৰু কেৱল লছ এঞ্জেলছৰ ৰেডি চিল্ড্ৰেনছ লা জোলা আৰু চিডাৰ চিনাইৰ প্ৰতিজন চিকিৎসক, নাৰ্চ আৰু বিশেষজ্ঞক ধন্যবাদ জনাব বিচাৰো,যিসকলে প্ৰতিটো পদক্ষেপতে নিস্বাৰ্থভাৱে তাত আছিল।

আমাৰ পৰৱৰ্তী অধ্যায়টো এতিয়া আৰম্ভ হৈছে,আৰু আমাৰ কেঁচুৱাটো সঁচাকৈয়ে এটা বদমাশ।মা আৰু দেউতাই তোমাক ভাল পায়।”অভিনেত্ৰীগৰাকীক তেওঁৰ স্বামী নিক জোনাছৰ সৈতে ধুনীয়া ফটোখনত তেওঁলোকৰ কেঁচুৱাটো কঢ়িয়াই থকা দেখা গৈছে।

উল্লেখযোগ্য যে,নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাই ২০১৮ চনৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে কেইমাহমানৰ বাবে ডেট কৰিছিল।জানুৱাৰীত, প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে তেওঁলোকৰ জীয়েকক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছিল।

You May Also Like

More From Author