অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাই মাজুলীৰ গড়মূৰ থানা আৰু বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত অৱস্থাত মাজুলীৰ দুগৰাকীকৈ ব্যৱসায়ীৰ লগত তেওঁৰ ভাবী স্বামী ৰাণা পগাগৰ সৈতে অ’ এন জি চিৰ বিষয়া হিচাপে চিনাকি কৰাই কামৰ বিনিময়ত প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ পিছত প্ৰথমে মাজুলীৰ অজিত বৰা আৰু ৰাম অৱতাৰ শৰ্মা নামৰ দুগৰাকী ব্যৱসায়ীয়ে মূল প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত দুটাকৈ গোচৰ তৰি এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷
সৎ বুলি নিজকে জাহিৰ কৰি ফুৰা বিশেষকৈ এছ আই ৰাভাৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ দুই ব্যৱসায়ীয়ে দিয়া দুটাকৈ গোচৰ পঞ্জীয়ন হোৱাৰ পিছতেই যোৱা ১২ মে’ত আন এগৰাকী ব্যৱসায়ী ৰঞ্জন কুটুমেও কামৰ বিনিময়ত এছ আই জোনমণিৰ উপদেশ মতে ৰাণা পগাগক ২৫ লাখ টকা ক’ৰ্ট এগ্ৰিমেণ্ট কৰি দিয়াৰ কথা মাজুলী আৰক্ষী থানাত উপস্থিত হৈ বিস্ফোৰণ ঘটাইছিল৷
কুটুমে কোৱা অনুসৰি কাম লাভ নকৰাৰ পিছত টকা বিচাৰি নগাঁও আৰক্ষী থানাৰ জোনমণি ৰাভাৰ কোৱাৰ্টাৰত উপস্থিত হোৱাৰ পিছত প্ৰথম কিস্তিৰ ১২ লাখ ধন ঘূৰাব নোৱাৰি প্ৰৱঞ্চক পগাগে এখন ইন’ভা গাড়ী বন্ধকত চুক্তি অনুসৰি ৰঞ্জন কুটুমক দিছিল৷ যিটো কামত জোনমণি ৰাভাই প্ৰত্যক্ষ সহযোগ আগবঢ়াইছিল৷
সেইদিনা জোনমণিৰ নগাঁৱৰ কোৱাৰ্টাৰত ভাবী স্বামী ৰাণাৰ ভৰিত ৰহস্যজনকভাৱে গুলী লগা বুলিও ৰঞ্জন কুটুমে জানিবলৈ দি এছ আই জোনমণিৰ ছাৰ্ভিচ ৰিভলভাৰৰ পৰাই এই গুলী লগা বুলি ব্যৱসায়ী ৰঞ্জনে বিস্ফোৰণ ঘটাইছিল৷ প্ৰৱঞ্চনাৰ জালখন পোহৰলৈ অহাত অৱশেষত আৰক্ষীৰ কাষ চপা ৰঞ্জন কুটুমে প্ৰৱঞ্চক ৰাণা পগাগ আৰু জোনমণিৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ২২/২২ US ১২০-B/১৭০/৪০৬/৪১৯/৪২০ IPC ধাৰাত এক গোচৰ ৰুজু কৰিছে৷
ইফালে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষী সিমান তৎপৰ নহ’লেও সংবাদ মাধ্যমৰ হেঁচাত আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ বাবে কিছু আগবাঢ়িছে৷ জানিব পৰা মতে, অহা ১৮ মে’ত মূল প্ৰৱঞ্চক ৰাণা পগাগক মাজুলী আৰক্ষীয়ে জিম্মাত লৈ মাজুলীলৈ তদন্তৰ বাবে আনিব আৰু সমগ্ৰ বিষয় সন্দৰ্ভত জেৰা চলাব বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে নিজ ভাবী স্বামীক জে’লৰ ভাত খুৱাই সততাৰ মুখা পিন্ধি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পাছতেই যোৱা ১১ মে’ত মাজুলীৰ ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অভিযোগ তুলি ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ২০/২২, ২১/২২ US-১২০B/১৭০/৪০৬/৪১৯/৪২০/৪৬৮/৪৭১/৪৭২ IPC-ত অন্য দুটা গোচৰ ৰুজু কৰি জোনমণি ৰাভাৰ বিৰুদ্ধেও ব্যৱসায়ী দুগৰাকীয়ে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷