নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত পূব হাতীচোং ব্ৰাহ্মণগাঁৱৰ এগৰাকী শিক্ষকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয় । প্ৰাপ্ত বাতৰি মতে কুৰুৱাবাহী প্ৰাথমিক বিদ্যালয়ৰ পদ্ম বৰা নামৰ শিক্ষক গৰাকীয়ে পৰিয়ালৰ সৈতে কলিয়াবৰৰ শহুৰেকৰ ঘৰলৈ গৈছিল । কালি বিয়লি শিক্ষকগৰাকী ঘৰলৈ উভতি অহাতহে ঘৰখনত চোৰ সোমোৱা কথাটো পোহৰলৈ আহে । ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু আলমাৰি ভাঙি দুই লক্ষাধিক টকাৰ বহুকেইপদ আ-অলংকাৰ চুৰ কৰি নিয়াৰ লগতে আচবাব তথা কিতাপ-পত্ৰসমূহ লণ্ডভণ্ড কৰি থৈ যায় । ঘটনা সন্দৰ্ভত শিক্ষক পদ্ম বৰাই স্থানীয় আৰক্ষী থানাত অৱগত কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও