তালাপত আটছাৰ শ্বহীদ দিৱস উদযাপন

1 min read

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তালাপ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ তালাপ শাখাৰ উদ্যোগত তথা আটছাৰ টিপুক, খোবাং-গাখীৰভেটী, ডাঙৰী চাহবাগিচা,ছৈখোৱা,হাঁহখাটী আৰু শদিয়া উপশাখাৰ সহযোগত আজি ৩৪ত্বম শ্বহীদ দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যে আটছাৰ তালাপ শাখা কাৰ্যালয় প্ৰাঙ্গণত পুৱা আটছাৰ পতাকা উত্তোলন কৰে শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জু ৰাজপুতে , শ্বহীদ বেদীত পুষ্পাঞ্জলী অনুস্থানৰ শুভাৰম্ভ কৰে শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক ধনেশ ভক্তাই ৷

উল্লেখ্য যে ১৯৮৮ চনৰ ৭ জুনত আটছাই আহ্বান জনোৱা অসম বন্ধৰ সফল ৰূপায়ণ কৰিবলৈ যোৱাৰ সময়ত এক শোকাৱহ পথ দুৰ্ঘটনাত কৃতিনাথ ছত্ৰী, এডমাণ্ড বাৰ্লা, বুলু কুৰ্মী, ইন্দ্ৰ তাঁতী আৰু দুলেশ্বৰ ছত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল ৷ পৰৱৰ্তী সময়ত আটছাই তেওঁলোকক শ্বহীদ ঘোঘণা কৰি তেতিয়াৰে পৰা ৭ জুনৰ দিনটো শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে ৷

অনুস্থানত কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক অমিত কৰ্মকাৰ, জিলা উপ সভাপতি ৰমেন দাস, জিলা কাৰ্যনিৰ্বাহক ৰঞ্জিত কুৰ্মী, তালাপ শাখা সাহিত্য সভাৰ সভাপতি সীমান্ত শৰ্মা , সমাজসেৱক নকুল চাৱাচী, চক্ৰধৰ মালাহাৰ, চাহজনগোষ্ঠীৰ পুৰুহিত চুনুৰাম কৰ্মকাৰ, আটুৱাৰ জিলা কাৰ্যনিৰ্বাহক সাবিত্ৰী দাস পানিকা,তালাপ শাখা সভানেত্ৰী বাসন্তি তাঁতি, সম্পাদিকা মামনি গোৱালাকে ধৰি প্ৰায় শতাধিক লোকে অংশ লয়। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আজি অনুস্থিত কৰা ৰক্তদান শিৱিৰত আটছা কৰ্মীসকলে ৰক্তদান কৰে ৷

 

You May Also Like

More From Author