নিউজ ব্যুৰ’,নগাঁও,১৭ জুন:– চাউথ ইণ্ডিয়ান ফিল্ম ফেচটিভেল এৱাৰ্ড ২০২২ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰান্ধনিচুকৰ নিবাসী চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা নাৰী(The Women)য়ে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ অসমীয়া চুটি ছবিৰ সন্মান ৷ অন লাইনযোগে অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত দেশৰ ৪০৭২ খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল বুলি জানিবলৈ দিয়ে পৰিচালক চন্দন দাধৰাই ৷
চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা “ নাৰী “ নামৰ চুটি ছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলি চুটি ছবিখনৰ পৰিচালক চন্দন দাধৰাই জানিবলৈ দিয়ে । নাৰীৰ প্ৰযোজনাত আছে ৰাম ৰায় । ছবিখনৰ পৰিকল্পনা বাবী কুমাৰ গোস্বামীৰ আৰু কাহিনী সুনীতা শৰ্মাৰ ৷ আনহাতে অনলাইনযোগে অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা আন এখন চুটি ছবি “অসহায়” (Helpless)য়েও মহোৎসৱটিত সন্মান বুটলিবলৈ সক্ষম হৈছে বুলি চন্দন দাধৰাই জানিবলৈ দিয়ে ।
“অসহায়“ নামৰ চুটি ছবি খনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ৷ ”অসহায়”ৰ নামৰ চুটি ছবি খনৰ পৰিকল্পনা নমিতা বৰা,প্ৰৱাহন কাশ্যপ আৰু কাহিনী মুকুল বৰাৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে চন্দন দাধৰাই বিগত দিনত বহুকেইখন চুটি ছবি পৰিচালনা কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও