কেৰেলাৰ কোট্টায়ামত জে এচ কে এ নেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি ধেমাজিৰ দুজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ নেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপ ২০২২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিখিল চেতিয়া , ভাস্কৰ মৰান বৰুৱা আৰু সুদক্ষিনা গগৈয়ে একোটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
স্থানীয়ভাৱে কাৰাটে প্ৰশিক্ষণ গ্ৰহণ কৰা এই তিনিও ছাত্ৰ জীৱনত প্ৰথমবাৰলৈ বাহিৰত খেলিবলৈ গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে নিজৰ সফলতাৰ বাবে নিজৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষকক ধন্যবাদ প্ৰদান কৰাৰ লগতে আৰু অধিক প্ৰতিযোগিতাত অংশ লোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷
ধেমাজি জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ এই প্ৰতিভাশালী ছাত্ৰ কেইজনে ভৱিষ্যতে দেশখনলৈ গৌৰৱ কঢ়িয়াই অনাত চৰকাৰে কেনে ভুমিকা গ্ৰহণ কৰিব সেইয়াই লক্ষ্যনীয় হ’ব ৷ ইপিনে , ধেমাজি জিলাখনৰ বিভিন্ন দল – সংগঠনে তেওঁলোকক উস্ম আদৰণি জনোৱাৰ লগতে ভৱিষ্যতে আৰু আগবাঢ়ি যাবলৈ আশা প্ৰকাশ কৰে ৷