গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা:সহায়ৰ বাবে সতৰ্ক জিলা প্ৰশাসন

1 min read

নেৰানেপৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আছে৷গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা।বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই৷

মঙলবাৰে মহানগৰৰ পৰিস্থিতি চাই স্কুল কলেজ বন্ধ দিয়া হৈছিল৷যদি পৰিস্থিতি আৰু বেয়া হয় তেতিয়া পুনৰ সিদ্ধান্ত লোৱা হ’ব৷গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত, সকলো জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে৷

যিকোনো জৰুৰী অৱস্থাৰ বাবে ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে৷

You May Also Like

More From Author