উৎকোচ লোৱাৰ সময়তে শিলচৰত আটক হিচাপৰক্ষক

0 min read

কাছাৰ কোষাগাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী হিচাপৰক্ষক মোহন সিঙক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰৰ দুপৰীয়া ডিৰেক্টৰেট অৱ ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰণ বিভাগৰ বিষয়াসকলে কাছাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে চৰকাৰী বিষয়া‌গৰাকীক গ্ৰেপ্তাৰ কৰে।বিষয়া গৰাকীয়ে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ১০ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ৰঙা হাতেৰে ধৰা পৰে ।

ডিৰেক্টৰেট অৱ ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰণ বিভাগৰ বিষয়াসকলৰ পৰিকল্পনা অনুসৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীৰ দহ হাজাৰ টকাত ৰাসায়নিক ৰঙা পাউডাৰ দিয়া হৈছিল ।

আৰু হিচাপৰক্ষকে টকাখিনি হাতত লোৱাৰ পিছত আটক কৰা হয়। পিছত হাতদুখন পানীত বুৰ দিয়াৰ লগে লগে ৰঙা হৈ পৰে পানী। ইতিমধ্যে কাছাৰ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। আৰক্ষীয়ে জনোৱা মতে, চৰকাৰী কৰ্মচাৰীজনে নিজৰ কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ পৰা দহ হাজাৰ টকা উৎকোচ ল’বলৈ গৈ ধৰা পৰে।

ঘটনাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ কাৰ্যালয় চৌহদ ঘেৰাও কৰে। তদুপৰি বহু সময় ধৰি তদন্ত চলায় আৰক্ষীয়ে । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চৰকাৰী ঋণ লোৱাৰ বাবে আবেদন জনাইছিল। কিন্তু ট্ৰেজাৰি কাৰ্যালয়ত তেওঁৰ নথি আবদ্ধ কৰি ৰখা হয়। নথি পাছ কৰোৱাৰ বাবে হিচাপৰক্ষকে‌ দহ হাজাৰ টকা উৎকোচ দাবী উত্থাপন কৰে। এই দিনা আটক হোৱা বিষয়া গৰাকীৰ শিলচৰৰ বাণী পাৰাত থকা ঘৰত আৰক্ষীয়ে অভিযান চলায়।

ইফালে, অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে কয়,ডিৰেক্টৰেট অৱ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী বিভাগৰ বিষয়াৰ এটা দলে শিলচৰ কোষাগাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী হিচাপৰক্ষক মদন সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

You May Also Like

More From Author