হাজোৰ বান পৰিস্থিতি কিছু অঞ্চলত কিছু উন্নত হৈছে যদিওঁ কেতবোৰ স্থানত এতিয়াও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বহু লোকে সুৰক্ষিত স্থানত অৱস্থান কৰিব নোৱাৰাত দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।পানীৰ মাজতেই ককবকাই বিনিদ্ৰ ৰজনী অতিবাহিত কৰা সেই সকল বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়িকা সুমন হৰিপ্ৰীয়াই। বিশেষকৈ মনাহকুছি ,ভোমাৰবড়ি,কুলহাটী, কঞা আদি ভিন্ন প্ৰান্তত দূৰ্গত লোক সকলক উদ্ধাৰৰ বাবে নাওঁৰ ব্যৱস্থা গ্ৰহণ কৰি সকাহ দিয়াৰ পদক্ষেপ লৈছে বিধায়িকাই।
প্ৰতিটো দিনেই বিধায়িকা সুমন হৰিপ্ৰিয়াই আৰ্তজনৰ কাষত থিয় হৈ ভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়োৱাত সচেতন মহলে বিধায়িকাগৰাকীক শলাগ লোৱা পৰিলক্ষিত হৈছে।আনহাতে বিধায়িকা গৰাকীৰ একক প্ৰচেষ্ঠাতো বানপীড়িত সকলক খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।সমান্তৰালভাৱে হাজো সমষ্টিৰ বালিসত্ৰত কাল বিধ্বংসী বানত কিছুদিন আগত প্ৰাণ হেৰুওৱা প্ৰয়াত জ্যোতি প্ৰসাদ কলিতাৰ বাসগৃহত আজি বিধায়িকা সুমন হৰিপ্ৰিয়া উপস্থিত হৈ পৰিয়ালৰ লগত শোকাবিহ্বল হৈ পৰে । লগতে মৰ্মান্তিক ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে বিধায়িকা গৰাকীয়ে।