নিউজ ব্যুৰ’,নগাঁও,১০জুন :–নগাঁৱৰ অগ্ৰণী নাট্যমঞ্চ “ৰংগমঞ্চ” ৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া ২০২২ বৰ্ষৰ “ৰংগমঞ্চ শিল্পী বঁটা” প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখনি নাট্যনুষ্ঠানো । এই উপলক্ষে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক পুণ্যদা বৰা আৰু পাঠশালাৰ লোকগীতৰ শিল্পী বসন্ত পাটগিৰিক ৰংগমঞ্চৰ শিল্পী বঁটা প্ৰদান কৰা হয় ।
![](https://guwahatitimes.com/wp-content/uploads/2022/06/IMG-20220610-WA0014.jpg)
বঁটা গ্ৰহণ কৰি বসন্ত পাটগিৰিয়ে কয় যে লোকগীতসমূহ আমিয়েই জীয়াই ৰাখিব লাগিব । মই মৃত্যু পৰ্যন্ত হাতৰ দোতোৰাখন এৰি নিদিও । নগাঁৱৰে মোৰ পৰিচয় বহু দিনীয়া । নগাঁওবাসীৰ ওচৰত মই চিৰঋণী । ইপিনে বিশিষ্ট নাট্যকাৰ- নাট পৰিচালক পুণ্যদা বৰাই কয় যে অপেছাদাৰী নাট্যগোষ্ঠীসমূহে নাটকসমূহ আজি জীয়াই ৰখাত অৰিহণা যোগাইছে । নাটকে সমাজলৈ বাৰ্তা কঢ়িয়াই আনে । ৰংগমঞ্চৰ লগত মোৰ আজি দায়িত্ব বাঢ়িল । বঁটা প্ৰদানৰ অন্তত ৰংগমঞ্চ,নগাঁৱৰ ব্যৱস্থাপনাত নাট্যকাৰ-পৰিচালক গগন চৌধুৰীৰ “বন্দিনীৰ এক আত্মকথা” সামাজিক নাটখনি মঞ্চস্থ কৰা হয় । নাটখনিৰ সহ পৰিচালনা উৎপল বৰাৰ । বসন্ত গোঁহাই আৰু দিব্যজ্যোতি শইকীয়াৰ ন ন কাৰিকৰী কৌশল আৰু ব্যৱস্থাপনাত মঞ্চস্থ হোৱা নাটখনিত সোণমণি বেজবৰুৱা, তগৰ বৰা হাজৰিকা,উৎপল বৰা, মৌচম বৰা,সুস্মিতা শইকীয়া, জ্যোতিষ্ণা গোঁহাই,মিনাক্ষী হাজৰিকা,ৰিয়া দেৱী গোস্বামী, প্ৰতিভা বৰা,ৰূপালী বৰা,সোণ মণি ডেকা,চাহিদ খান,মেঘালী বৰা শইকীয়া,লক্ষ্যজ্যতি শইকীয়া, প্ৰদ্যুন্ম বৰা,লিজা তালুকদাৰ, কস্তুৰী অধিকাৰী,শ্ৰুতি শইকীয়া, মুন হাজৰিকা,প্ৰদ্যুৎ বিকাশ হাজৰিকা আৰু নৱ কৃষ্ণ বৰাই অভিনয় কৰে ।