নগাঁও মহাবিদ্যালয়ত ছুইজাৰলেণ্ডৰ আৰ্হিত “সাৰথি দ্যা টাইম বেংক উদ্বোধন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৩জুন:–মধ্য অসমৰ নগাঁও মহাবিদ্যালয়ত ছুইজাৰলেণ্ডৰ আৰ্হিৰে “সাৰথি দ্যা টাইম বেংক” স্থাপন কৰা হৈছে ।এই উপলক্ষে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত আৰু ছাত্ৰ একতা সভা,এন এছ এছ গোট-১ আৰু ২ৰ সহযোগত “টাইম বেংক”ৰ কালি উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ।

“টাইম বেংক”টি উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । বিধায়কগৰাকীয়ে “টাইম বেংক”লৈ বিধায়ক পুঁজিৰ পৰা এখন এম্বুলেন্স আৰু দুটা অক্সিজেন কনছেনট্ৰেটৰ প্ৰদান কৰিব বুলি ঘোষণা কৰে । ভৱিষ্যতেও জনহিতাৰ্থে গঠন কৰা “টাইম বেংক”লৈ সহায়- সহযোগিতা আগবঢ়াব বুলি মত পোষণ কৰে ।

নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভূৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে এই “টাইম বেংক”টি মানৱীয়তাৰ ক্ষেত্ৰত এক নিদৰ্শন বুলি মন্তব্য কৰে । উল্লেখ্য যে এই “টাইম বেংক”ত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাই পাছবুক খোলে আৰু বিধায়ক শৰ্মাই নিজ হাতে পাছবুক প্ৰদান কৰে ।

ছুইজাৰলেণ্ডৰ আৰ্হিৰে নগাঁও মহাবিদ্যালয় পৰিয়ালৰ অকলশৰীয়া তথা নিঃসংগ লোকক সহায় কৰাৰ বাবে “সাৰথি-দ্যা টাইম বেংক” স্থাপন কৰা হৈছে । এই অনুষ্ঠানতে মিছ নৰ্থ ইষ্ট গুৱাহাটী-২০২২ বৰ্ষৰ শীৰ্ষ স্থান লাভ কৰা ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী বিদিশা দেৱীক অভিনন্দন জ্ঞাপন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author