তিনিচুকীয়াৰ বিভিন্ন স্থানত পৰিৱেশ দিৱস পালন

1 min read

আজি তিনিচুকীয়াত বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱস ভিন ভিন কাৰ্জ্যসূচীৰে উদ্যাপন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে।

কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ শিশুসকলৰ মাজত এক নিবিড় ভাবে জিলা মুখ্য ন্যায়িক দণ্ডাধীশ বিচিত্ৰা দত্তই  পৰিবেশ সংৰক্ষণ মাজেৰে চিৰসেউজ পৃথিৱীৰ বিনন্দীয়া ৰূপক অপৰূপা কৰি তুলিবলৈ শিশুসকলক আহ্বান জনায় । জিলা আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব ফৰহান চৌধুৰী, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ধীৰাজ কলিতা, মহকুমা ন্যায়িক দণ্ডাধীশ (সদৰ) ত্ৰিদীপ ভট্ৰাচাৰ্য্য, বিশেষ ৰে’লৱে দণ্ডাধীশ প্ৰাণজিতা কোঁৱৰ, মুঞ্চিফ নং১ তথা প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ধীৰেন পেগুৱে শিশুগৃহত  শিশুসকলক লগত লৈ গছ পুলি ৰোপন কৰে।

শিশুগৃহৰ তৰফৰ পৰা অধিবক্তা গৌতম বৰকটকীয়ে আদৰণি বক্তব্য আগবঢ়ায় । তিনিচুকীয়া জিলাৰ ন্যায়িক দণ্ডাধীশ সকলে শিশুগৃহৰ শিশুসকলৰ মাজত গীত-নৃত্যৰ অনুষ্ঠানৰ মাজেৰে শিশুসকলক আপ্লুত কৰে। বিশ্ব পৰিবেশ দিৱসৰ এই কাৰ্যসূচীত অধিবক্তা ৰণ্টু বৰা, অধিবক্তা হৰিদেশ কুমাৰ আগৰৱালা, অধিবক্তা অভিজিত পালৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী অমল ভূঞা আৰু শশাংক সোনোৱালেও অংশ গ্ৰহণ কৰে। সাম্প্ৰতিক পৃথিৱীৰ ভাৰসাম্যহীন অৱস্হাত পৰিবেশ দিৱসৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰি ন্যায়িক দণ্ডাধীশ সকলে  লোৱা এই বিশেষ সজাগতা কাৰ্যসূচীয়ে শিশুসকলক বহুতো অনুপ্ৰাণিত কৰাত সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই ধন্যবাদ জ্ঞাপনৰ লগতে আদৰণি জনায় ।

আনহাতে বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়া জিলাৰ উদ্যোগত তিনিচুকীয়াস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত আৰু জিলা খনৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়া জিলাৰ উপ- নিয়ন্ত্ৰক ৰূপান্তৰ সোণোৱাল, সহকাৰী উপ- নিয়ন্ত্ৰক ভাস্কৰ ডেকা, মুখ্য প্ৰতিপালক গোপাল দে, প্ৰতিপালক মনোৰঞ্জন মৰাণ আদিৰ উপৰিও স্বেচ্ছাসেৱক সকলে অংশ গ্ৰহণ কৰে।

You May Also Like

More From Author