নগাঁৱৰ লেংটেং নিজৰিবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৮ জুলাই :– খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতী এটাই নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেংটেং অঞ্চলৰ নিজৰিবস্তিত যোৱা নিশা এজন লোকক আক্ৰমণ কৰি থিতাতে নিহত কৰে ৷ নিহত লোকজন নিজৰিবস্তিৰে ইনতাজ আলী ।

প্ৰাপ্ত বাতৰি মতে ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাই যোৱা নিশা প্ৰায় ১০:৩০বজাত লেংটেং অঞ্চলৰ নিজৰিবস্তিত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত নিজৰিবস্তি অঞ্চলৰ মৃত ইনতাজ আলী নামৰ লোকজন চোতালত বহি থকা সময়তে বনৰীয়া হাতীটোৱে আক্ৰমণ কৰি থিতাতে নিহত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত শালনা আৰক্ষী চকীৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া হাতীৰ আক্ৰমণ নিহত হোৱা লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে উক্ত বনৰীয়া হাতীটোৱে লেংটেং অঞ্চলকে ধৰি বিভিন্ন গাঁৱত দীৰ্ঘদিন ধৰি বহুকেইটা ঘৰ ভঙাৰ লগতে এক আতংকময় পৰিবেশ সৃষ্টি কৰি আহিছে বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷

You May Also Like

More From Author