বেছিভাগ সময়তেই বাদাম বহুদিন পুৰণিকৈ ৰখা হয়। ফলত বাদামত, বিশেষকৈ বাদামৰ বাকলিত বহু দূষিত পদার্থ জমা হয়। তিয়াই ৰাখিলে সেই দূষিত পদার্থ দূৰ হয়।
বাদামত থকা ফেনোলিক যৌগ টেনিন সহজে হজম নহয়। ফলত বাদাম খালে বহুতেই বদহজমৰ সমস্যাত ভোগে। এই টেনিন শৰীৰত প্রটিনৰ পৰিপাকো জটিল কৰি তোলে। আগতে তিয়াই থোৱা বাদামত টেনিনৰ পৰিমাণ কমি যায়।
বাদামত থকা এন্টিঅক্সিডেন্ট ফাইটিক এচিডে শৰীৰৰ আয়ৰণ, জিংকৰ সৈতে বিক্রিয়া কৰাত যি নিমখ উপাদন হয়, সেয়া আমাৰ খাদ্যনলীত দ্রৱীভূত নহয়। এই ফাইটিক এচিডে শৰীৰৰ পেপচিন, ট্রিপচিন উৎসেচকৰ পৰিমাণ কমাই দি প্রটিন পৰিপাকত বাধা দিয়ে। পানীত তিয়াই ৰখা বাদামৰ ফাইটিক এচিডৰ পৰিমাণ কমে।
কাঠবাদামৰ দৰে কিছুমান বাদাম বৰ টান। হজম সহজে নহয়। তিয়াই থলে কাঠবাদাম বহু নৰম হয়। সহজে ভাঙিবও পৰা যায়। হজম কৰাতো অসুবিধা নহয়।
সকলো বাদাম বেছি ক্ষণ ভিজাই থোৱাৰ প্ৰয়োজন নাথাকে। কাঠবাদাম খোৱাৰ আগতে অন্ততঃ ১২ ঘণ্টা ভিজাই থোৱা উচিত। আখৰুট, পাইন নাট বা হেজেল নাট ৮ ঘণ্টা তিয়ালেই যথেষ্ট। কাজু বাদামৰ ক্ষেত্রত ৬ ঘণ্টা তিয়াই থলেই যথেষ্ট।