আহাৰ বিধি আৰু সু–স্বাস্থ্য!

1 min read

You are what you eat. আমি যি ধৰণৰ আহাৰ ভক্ষণ কৰোঁ সেই হিচাপে গঢ় লওঁ৷ বৈদিক শাস্ত্রতো কোৱা হৈছে–‘আহাৰ শুদ্ধৌ সত্ত্বঃশুদ্ধি’ অর্থাৎ আমাৰ আহাৰ যদি শুদ্ধ তথা সাত্ত্বিক হয়, তেতিয়াহ’লে আমাৰ সত্ত্বা আৰু চেতনাও শুদ্ধ হয়৷ আহাৰ বিহাৰ ক্ষেত্রত নিয়ন্ত্রণ যে খুবেই আৱশ্যক, সেয়া গীতা শাস্ত্রতো কোৱা হৈছে– যুক্তাহাৰৱিহাৰস্য যুক্তচেষ্টস্য কর্মসু৷ গীতা শাস্ত্রত সাত্ত্বিক, ৰাজসিক আৰু তামসিক আহাৰৰ কথা উল্লেখ আছে শান্তিপূর্ণ, স্বচ্ছ, পুষ্টিদায়ক, তৃপ্তিদায়ক, ওজঃবর্ধক, আয়ুস বর্ধক আৰু প্রীতিবর্ধক আহাৰবিলাক হৈছে সাত্ত্বিক৷ সাত্ত্বিক আহাৰে ধৃ, ধৃতি, স্মৃতি, মেধা আদিৰ শ্রীবৃদ্ধি ঘটায়৷ দধি, দুগ্ধ, ঘৃত, পৰমান্ন, বিশুদ্ধ অন্ন, বিভিন্ন ফল–মূল, বিভিন্ন শাক–পাচলি আদি সাত্ত্বিক আহাৰ৷ অত্যন্ত গৰম, অতিকৈ টেঙা বা তিতা, শুকান, নিমখীয়া আদি ৰজোগুণী আহাৰ৷ ৰজোগুণী আহাৰে ব্যক্তিৰ দুখ, শোক, কাম আদিবৃদ্ধি কৰে৷ বিভিন্ন আচাৰ, পাপৰ, জলকীয়া, চিপ্ছ আদি ৰজোগুণী আহাৰ৷ এনে খাদ্যই মানসিক উত্তেজনা, ক্রোধ আদি বৃদ্ধি কৰে আৰু পিত্তজনিতবহু ব্যাধিৰ সৃষ্টি কৰে৷ আনহাতে সদা পৰিত্যাগযোগ্য আহাৰ হ’ল তমোগুণী আহাৰ৷ এনে আহাৰে আলস্য, মোহ, মানসিক বিকৃতি, দৈহিক বিকাৰ আদিৰ জন্ম দিয়ে৷ এনে আহাৰে চেতনা প্রদূষিত কৰে৷ যিকোনো বাহী আহাৰ, জাংক ফুড, ফাষ্ট ফুড, স্বাদহীন, দুর্গন্ধযুক্ত, আনৰ উচ্ছিষ্ট আহাৰ– এইবিলাক তামসিক আহাৰৰ অন্তর্গত৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ ‘অষ্টাংগ হূদয়ম’ত কোৱা হৈছে যে– যি আহাৰত কেশ, নোম আদি বিকাৰকাৰী তথা ঘৃণাজনক দ্রব্য মিহলি হৈ থাকে, পুনৰ তপত কৰা আহাৰ, অত্যন্ত উষ্ণ, অতি লৱণযুক্ত আদি আহাৰ সদায় বর্জন কৰা উচিত৷

‘যেনে অন্ন তেনে মন, যেনে আহাৰ, তেনে বিচাৰ’৷ গতিকে আহাৰ ভক্ষণ কৰোতে আমি সাৱধান হোৱা উচিত৷ লোভৰ বশৱর্তী হৈ আমি অনুচিত আহাৰ বিহাৰ কৰিলে আমাৰ জীৱনী শক্তি নিঃসন্দেহে হ্রাস পাব৷ আহাৰ যেনেকৈ সু–স্বাস্থ্যৰ মূল আধাৰ, তদনুৰূপ অনুচিত আহাৰ হৈছে ৰুগ্ণজীৱনৰ প্রধান হেতু৷ আনহাতে আহাৰ অনুকূল হ’লেও যদি সময় তথা স্থিতি প্রতিকূল হয়, তেতিয়া আহাৰ ভক্ষণ কৰিব নালাগে৷ দৈ এবিধ অতি উপকাৰী খাদ্য, ই আয়ুবর্ধক, কিন্তু দৈ ৰাতি খালে মানুহৰ আয়ু টুটে৷ ঠিক তেনেকৈ মন্দ অগ্ণিৰ ব্যক্তি এজনে যদি গুৰু আহাৰ গ্রহণ কৰে, তেন্তে স্বাস্থ্যত বিৰূপ প্রভাৱ পৰিব৷ আয়ুর্বেদ শাস্ত্রত উল্লেখ আছে– ৰোগ, ক্রোধ, লোভ, মোহ, মদ, ভয় এইবোৰ হৈছে আহাৰ গ্রহণৰ প্রতিকূল পৰিস্থিতি৷ এনেবোৰ কথা চালিজাৰি চায়েই জীৱনৰ বিজ্ঞান আয়ুর্বেদত ‘আহাৰ বিধি’ৰ বিষয়ে বর্ণনা কৰা হৈছে৷ ‘চৰক সংহিতা’ত অষ্ট আহাৰ বিধিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ যথা– প্রকৃতি, কৰণ, সংযোগ, ৰাশি, দেশ, কাল, উপযোগ সংস্থা আৰু উপভোক্তা৷

প্রকৃতি(Natural Qualities)– আহাৰৰ স্বাভাৱিক গুণকেই প্রকৃতি বুলি কোৱা হয়৷ গুৰু, লঘু– এয়া হৈছে আহাৰৰ প্রকৃতি৷ উদাহৰণ স্বৰূপে মাটিদাইল হৈছে গুৰু প্রকৃতিৰ খাদ্য৷ এনে খাদ্য হজম হওঁতে সময় লয়৷ আনহাতে মগুমাহ হৈছে লঘু প্রকৃতিৰ খাদ্য৷ ই সহজে হজম হয়৷ আমাৰ জঠৰাগ্ণি যেনেধৰণৰ তদনুৰূপ আহাৰ গ্রহণ কৰা উচিত৷ যদি জঠৰাগ্ণি মন্দ, তেন্তে গুৰু প্রকৃতিৰ আহাৰ বর্জনীয়৷ অগ্ণি অনুযায়ী আহাৰ গ্রহণৰ হেতু আহাৰৰ প্রকৃতি জনাটো নিতান্তই আৱশ্যকীয়৷

কৰণ (Processing Of Substances)– কিছুমান খাদ্য আছে যিবিলাক গৰম কৰি খাব নালাগে৷ যেনে–মৌ৷ আয়ুর্বেদ অনুসৰি মৌ গৰম কৰিলে ই বিষাক্ত হয়৷ ঠিক তেনেদৰে কিছুমান খাদ্য বিশেষ ধাতুৰ পাত্রত থ’ব নালাগে৷ কিছুমান খাদ্য পানীত বেছিকৈ ধুব নালাগে, কিছুমান খাদ্য বহুদিনলৈ ৰাখিব নালাগে৷ এনে কৰিলে খাদ্যবিধৰ স্বাভাবিক পৰিপুষ্টি হ্রাস পায়৷

সংযোগ(Combination)– আহাৰ ভক্ষণ কৰোতে আহাৰৰ হিতকাৰী আৰু অহিতকাৰী সংযোগৰ বিষয়ে বিশদভাৱে জনাটো খুবেই প্রয়োজনীয়৷ আহাৰৰ হিতকাৰী সংযোগে যেনেকৈ ওজঃ, তেজবৃদ্ধি কৰে, সেইদৰে আহাৰৰ অহিতকাৰী সংযোগে আয়ু হ্রাস কৰে আৰু ওজঃক্ষয় কৰে৷ যেনে–মৌ আৰু ঘি পৃথককৈ খালে দুয়ো অমৃততুল্য খাদ্য, কিন্তু দুয়োটা একেলগে সমানমাত্রাত খালে হৈ পৰে বিষাক্ত৷ কেইটামান হিতকাৰী আৰু অহিতকাৰী সংযোগৰ উদাহৰণ হ’ল–

খাদ্য হিতকাৰী সংযোগ

আম গাখীৰ

কল ঘৃত

হালধি জালুক

বাদাম দৈ

নেমু মৌ

খিচিৰি সৈন্ধব লৱণ

আনহাতে অহিতকাৰী সংযোগৰ কেইটামান উদাহৰণ–

খাদ্য অহিতকাৰী সংযোগ

গাখীৰ দৈ, নিমখ,

ডালিম, জাম, তেতেলী আদি

শীতল পানী ঘি, তেল, তিঁয়হ, গৰম গাখীৰ আদি

দৈ গাখীৰ, পনিৰ, তিঁয়হ আদি

ৰাশি(Quantity) – মানুহ এজনে কিমান পৰিমাণৰ আহাৰ খাব, সেয়া মানুহজনৰ অগ্ণিৰ ওপৰত নির্ভৰশীল৷ আহাৰ গ্রহণৰ ক্ষেত্রত হীন মাত্রা আৰু অতিমাত্রা দুয়োবিধেই বর্জনীয়৷ হীনমাত্রাৰ আহাৰে শক্তি, ওজঃ, পুষ্টি, সপ্তধাতুৰ হানি কৰে৷ আনহাতে অতিমাত্রা আহাৰে ত্রিদোষ অর্থাৎ বাত, পিত্ত আৰু কফবঢ়াই তোলে আৰু বহু ব্যাধিৰ জন্ম দিয়ে৷ অষ্টাংগ হূদয়মৰ অষ্টম অধ্যায়ত উল্লেখ আছে আহাৰ খাওতে অকল ৰুটী বা ভাতেৰে আমাশয় পূর্ণ কৰিব নালাগে৷ দুটা ভাগ ভাত বা ৰুটীৰে, এটা ভাগ পানী, গাখীৰ আদিৰে আৰু এটা ভাগবায়ু, পিত্ত আৰু কফৰ ক্রিয়াৰ বাবে খালি ৰখা উচিত৷ এনে আহাৰকে মিতাহাৰ বোলে৷

দেশ(Habitat)– কোনো এখন ঠাইৰ পৰিৱেশ অনুযায়ী অনুকূল আহাৰ ভক্ষণ কৰা উচিত৷ আয়ুর্বেদত ইয়াকে দেশসাত্ম্য বুলি কয়৷ অসম, পশ্চিমবংগ, তামিলনাডু আদি ঠাইৰ নিৱাসীসকলৰ বাবে ভাত সাত্ম্য৷ ৰাজস্থানত থকা মানুহৰ সাধাৰণতে ঘিউ বা আন গুৰুপাকী আহাৰ সোনকালে হজম হয়, কিন্তু সেই একেজন মানুহে যদি দক্ষিণ ভাৰতলৈ গৈ অনুৰূপ আহাৰ গ্রহণ কৰে, তেন্তে মানুহজনৰ হজম ঠিকমতে নহ’ব৷ মৰুভূমি অঞ্চলত থকা মানুহৰ বাবে শুকান আহাৰ আৰু শীত প্রধান অঞ্চলত ব্যক্তিয়ে ঠাণ্ডা, স্নিগ্ধ বস্তু খোৱা দেশ বিৰুদ্ধ হয়৷

কাল (Time) – সঠিক দিনচর্যা আৰু ঋতুচর্যা মানি আহাৰ গ্রহণ কৰা উচিত৷ সঠিক ঋতুচর্যা মানি আহাৰ গ্রহণ কৰা কার্যটিক আয়ুর্বেদত ‘ঋতুসাত্ম্য’ বুলি কোৱা হয়৷ শীত ঋতুত ঠাণ্ডা, শুকান, বাতবর্ধক খাদ্য খাব নালাগে৷ বসন্ত ঋতুত গুৰু, স্নিগ্ধতাযুক্ত আদি খাদ্য খাব নালাগে৷ আনহাতে গ্রীষ্ম ঋতুত সহজে পচন হোৱা, মধুৰ ৰসযুক্ত খাদ্য খাব লাগে৷ বর্ষা ঋতুত পাচক অগ্ণি বর্ধক, সতেজ খাদ্য খাব লাগে৷

সঠিকভাৱে অগ্ণি প্রদীপ্ত হোৱাৰ পিছত, ভালদৰে মলমূত্র ত্যাগ কৰাৰ পাছত, স্নান কৰাৰ পাছত আহাৰ গ্রহণ কৰিব লাগে৷ সদায় আনন্দমনেৰে আহাৰ গ্রহণ কৰা উচিত৷ বার্তালাপ কৰি, ক্রোধত, উত্তেজনাত, জোতা–চেণ্ডেল পিন্ধি কেতিয়াও আহাৰ খাব নালাগে৷ জোতা পিন্ধি আহাৰ খালে জঠৰাগ্ণি মন্দ হয়৷

উপযোগ সংস্থা(Dietetic Rules)–স্থান, কাল, পাত্র, ক্ষমতা অনুযায়ী প্রকৃতি অনুকূলভাৱে আহাৰ গ্রহণ কৰা উচিত৷ কোনবিধ খাদ্য কেতিয়া খোৱা উচিত, আহাৰ কেনেদৰে খোৱা উচিত– এয়া সু–স্বাস্থ্যৰ বাবে অতিকৈ মহত্ত্বপূর্ণ৷ খাদ্য কেতিয়াও খৰখেদাকৈ খাব নালাগে৷ পানী কেতিয়াও থিয় হৈ পান কৰিব নালাগে৷ আগতে খোৱা খাদ্য ভালকৈ পাচন নহ’লে, উদৰ গধূৰ গধূৰ লাগি থাকিলে আহাৰ গ্রহণৰ পৰা বিৰত থাকিব লাগে৷

উপভোক্তা(The User) –খাব খোজা খাদ্যবিধ উপভোক্তাজনৰ দেহৰ উপযোগী হয় নে নহয় কথাটো খুবেই গুৰুত্বপূর্ণ৷ উপভোক্তাজনৰ দৈহিক ক্ষমতা অনুযায়ী আহাৰ গ্রহণ কৰিব লাগে৷ নহ’লে হিতে বিপৰীত হ’ব৷ মন কৰিবলগীয়া আৰু এটি কথা হ’ল উপভোক্তাজনৰ প্রকৃতি(Body Constitution)৷ ধৰা হ’ল উপভোক্তাজন বাত প্রকৃতিৰ ব্যক্তি, তেখেতে যদি বাতবর্ধক আহাৰ খায়, তেন্তে বিভিন্ন সমস্যাই দেখা দিব৷ এক স্বাস্থ্যবান জীৱন–যাপনৰ বাবে আমি আমাৰ প্রকৃতিৰ বিষয়ে ভালকৈ অৱগত হোৱা উচিত৷

You May Also Like

More From Author