প্রসৱৰ পাছত নতুন মাতৃসকলৰ মাজত হোৱা বিষাদগ্রস্ততা

1 min read

মাতৃত্ব অর্জন কৰা বা মাক হোৱাটো হয়তো সৰহসংখ্যক নাৰীৰেই সপোন৷ মাতৃস্নেহক পৃথিৱীৰ কোনো বস্তুৰে লগত আমি তুলনা কৰিব নোৱাৰোঁ৷ এই মৰমতকৈ নির্ভেজাল আন একো হ’ব নোৱাৰে৷ এতিয়া বহুতৰে মনত বোধহয় প্রশ্ণ জাগিব যে ইমান এক সুন্দৰ, সুখৰ মুহূর্তৰ লগত বিষাদগ্রস্ততা বা হতাশাৰ সম্পর্কই বা কি?
সন্তান এটি গর্ভত স্থিতি লোৱাৰ পৰা জন্ম হোৱালৈকে নাৰী এগৰাকীৰ শাৰীৰিক আৰু মানসিক, দুয়ো ধৰণে বহুতো সালসলনি হয়৷ শাৰীৰিক লক্ষণ বা অসুবিধাসমূহ খুব সহজেই চকুত পৰা হয়৷ কিন্তু আৱেগিক বা মানসিকভাৱে দেখা দিয়া উপসর্গসমূহক বহুতেই বৰ গভীৰভাৱে নলয় বা লক্ষণসমূহ চিনাক্ত কৰিব নোৱাৰে৷ প’ষ্টপার্টম ডিপ্রেচন বা প্রসৱৰ পাছত নতুন মাতৃসকলৰ মাজত দেখা দিয়া বিষাদগ্রস্ততা হৈছে সন্তান জন্ম দিয়াৰ পিছৰ পৰা মাতৃগৰাকীৰ মাজত হোৱা শাৰীৰিক, মানসিক, আৱেগিক আৰু ব্যৱহাৰিক খেলিমেলিৰ সংমিশ্রণ৷ এই অসুবিধাসমূহ কেতিয়াবা প্রথম এক–দুই সপ্তাহৰ ভিতৰত নিজে নিজে আঁতৰে আৰু কেতিয়াবা তিনি মাহমানৰ ভিতৰত দেখা দিয়ে যি হয়তো প্রয়োজনসাপেক্ষে চিকিৎসকৰ ঔষধৰ দ্বাৰাহে উপশম হয়৷
কিছুসংখ্যক মাতৃৰ সন্তান জন্ম দিয়াৰ পৰা দুই/তিনি সপ্তাহলৈকে কিছু লক্ষণ যেনে ঃ খিংখিঙীয়া হোৱা, উদ্বেগজনিত সমস্যা, মনটো মাৰি থকা বা খুব অস্থিৰ হোৱা, কান্দি থকা আদিৰ দৰে আৱেগিক সমস্যাত ভুগিব পাৰে৷ কোনো কোনো ক্ষেত্রত এই অসুবিধাসমূহ বিনা চিকিৎসাই নিজে আঁতৰি যায়, যাক আমিbaby blues বুলি কওঁ৷ কিন্তু আন কিছু মহিলাৰ এই সমস্যাসমূহ অলপ বেছি দিনলৈকে থাকি যায়, যাক আমিPost partum Depression (PDD) বুলি কওঁ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্রকাশিত এক বুলেটিন অনুযায়ী ভাৰতত প্রায় ২২ শতাংশ নতুন মাতৃৰ মাজতে এই সমস্যাসমূহ দেখা দিয়ে৷ ইয়াৰ মূল লক্ষণসমূহ হ’ল–
–হতাশা বা বিষাদগ্রস্ততা (মন মাৰি থকা)৷
–কোনো কাৰণ নোহোৱাকৈ কান্দি থকা৷
–মাতৃগৰাকীৰ মনত এনে ভাব হয় যে তেওঁ হয়তো সন্তানটিৰ ভালদৰে যত্ন ল’ব পৰা নাই৷
–নিজৰ সন্তানক কিবা অনিষ্ট কৰিব বুলি মনত ভয় সোমোৱা৷
–নিজৰ সন্তানক ভালদৰে যত্ন লোৱাত অসুবিধা বা আৱেগিক সম্পর্ক গঢ়ি উঠাত ব্যর্থতা৷
–নিজৰ চিন্তাধাৰা, কাম–কাজ বা সিদ্ধান্ত লোৱাত মনোযোগ দিব নোৱৰা হোৱা৷
–নিজৰ ভাল লগা কামত অৰুচি অহা৷
–খোৱা–বোৱা আৰু টোপনিৰ সমস্যা (দুয়োটা হয় বেছি বা কম হ’ব পাৰে)৷
–সকলো সময়তে শৰীৰ অৱশঃ হৈ থকা৷
–অস্থিৰতা৷
–খুব চূড়ান্ত পর্যায়ত আত্মহননৰ ভাব অহা৷
অৱশ্যে মহিলা ভেদে এই লক্ষণসমূহৰ বেছি বা কম হ’ব পাৰে নাইবা যিকোনো এটা বা দুটা লক্ষণৰ অর্থ এইটো নহয় যে মহিলাগৰাকীৰPDD হৈছে৷
এতিয়া আহোঁ এই লক্ষণবোৰ দেখা দিয়াৰ কাৰণনো কি৷ প্রথমে, গর্ভধাৰণৰ সময়ৰ পৰা সন্তান জন্ম দিয়ালৈকে মহিলাগৰাকীৰ দেহত বহুতো হৰম’নৰ তাৰতম্য হয়৷ সন্তান জন্মৰ পিছত মহিলা এগৰাকীৰ শৰীৰতEstrogen আৰুProgesterone নামৰ দুবিধ বিশেষ হৰম’নৰ মাত্রা কমি যায় যাৰ সম্পর্ক আমাৰ আৱেগৰ লগত থাকে৷ দ্বিতীয়তে, ৰক্তচাপৰ তাৰতম্য ঘটিব পাৰে৷ তৃতীয়তে, যিহেতু সন্তান এটি অহাৰ পিছত মাতৃগৰাকীৰ টোপনিত বহুখিনি খেলিমেলি হয় সেইবাবেও অৱশঃ লগাটো স্বাভাৱিক হৈ পৰে৷ আন কিছু কাৰক যেনে– হঠাতে নতুন মাতৃগৰাকীৰ বহুখিনি দায়িত্ব বাঢ়ি যায়, খুব সাৱধানে সকলোবোৰ কৰিব লগা হয়, কোনো কোনো ক্ষেত্রত আর্থিক সমস্যাও দেখা দিয়া, কেতিয়াবা কিছুসংখ্যকৰ কোনো পৰিকল্পনা নোহোৱাকৈ সন্তান এটি সংসাৰলৈ অহাৰ ফলত হোৱা খেলিমেলিবোৰেও এই সমস্যাবোৰ বঢ়াত সহায় কৰে৷ প্রায়সংখ্যক চাকৰিয়াল মহিলাই ৬ মাহৰ পিছত আকৌ কিদৰে কাম–কাজত আগবাঢ়িব, সেই সময়ত সন্তানক কাৰ লগত নিৰাপদে বিশ্বাসত এৰি যাব সেই লৈ দুঃচিন্তাত ভোগে৷ গর্ভধাৰণৰ পিছৰ পৰা মহিলাগৰাকীৰ শাৰীৰিক অৱয়ৱটোৰো বহুখিনি সলনি হয়, সেই লৈও বহু মহিলা উদ্বিগ্ণতা বা হতাশাত ভোগে৷
যদি ওপৰত উল্লেখ কৰা সমস্যাসমূহ মহিলাগৰাকীয়ে দুসপ্তাহতকৈ বেছি ভুগি আছে, নিজক বা সন্তানক অনিষ্ট কৰাৰ কোনো বেয়া ভাব মনলৈ আহে, যদি বিষাদগ্রস্ততাৰ সমস্যাসমূহে খুব বেছিকৈ অশান্তি দি আছে যাৰ ফলত দৈনন্দিন কাম–কাজত হানি হৈছে আৰু শেষত যদি সন্তানটিক পৰিচর্যা কৰাত অসুবিধা হৈছে, তেন্তে মহিলাগৰাকীয়ে পলম নকৰি মানসিক স্বাস্থ্য বিশেষজ্ঞক লগ কৰাটো প্রয়োজনীয়৷ লগতে মহিলাগৰাকীয়েও এনে অসুবিধা অনুভৱ কৰিলে পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰি নিজৰ স্বাস্থ্য (শৰীৰ আৰু মন) ভাল কৰি ৰাখিবলৈ যিখিনি প্রয়োজনীয় (যেনে ঃ সুষম আহাৰ গ্রহণ কৰা, শৰীৰটোক অলপ ৰ’দৰ তাপ দিয়া, ঘৰুৱা পৰিৱেশ সুন্দৰ কৰি ৰখা, নিজৰ ভাল লগা কাম–কাজবোৰ আজৰি সময় উলিয়াই কৰা, টোপনি ভালকৈ মৰা, সন্তানৰ দাযিত্ববোৰ পৰিয়ালৰ বাকী সদস্যৰ লগত ভগাই লোৱা) আদি কার্যসমূহো কৰিব পাৰে৷ সমস্যা গুৰুতৰ হ’লে বহু সময়ত ঔষধৰ সহায় তথা চাইক’লজিকেল থেৰাপীৰ ফলত আৰোগ্য লাভ কৰিব পাৰি৷

 

You May Also Like

More From Author