৩০ৰ পিছত তপা হোৱাৰ কাৰণ, ভুলতো নকৰিব এইসমূহ কাম

1 min read

ল’ৰাৰ ক্ষেত্ৰত ৩০ বছৰ বয়সত তপা হোৱাটো সাধাৰণ হৈ পৰিছে। কম বয়সত তপা হোৱাৰ ফলত বহুতো ল’ৰাই আত্মবিশ্বাস হেৰুৱাই পেলায় আৰু তেওঁলোকে এই সমস্যাটো দূৰ কৰিবলৈ বহুতো কৌশল গ্ৰহণ কৰে। আচলতে, ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে জীৱন শৈলী (Life Style) আৰু ভুল খাদ্য অভ্যাস। ভুল খাদ্য অভ্যাসৰ বাবে, চুলিয়ে সঠিক পুষ্টি লাভ নকৰে আৰু ইয়াৰ গুৰি দুৰ্বল হৈ পৰে। বেছিকৈ চুলি সৰে (Hair Fall) আৰু বহুবাৰ ঘূৰি নাহে। ইয়াৰ বাহিৰেও তপা হোৱাৰ আন বহুতো কাৰণ আছে। এই বিষয়ে সবিশেষ জানো আহক।

গৰম পানীৰে গা ধুলে শৰীৰত আৰাম অনুভৱ হয় যদিও ইয়াৰ আটাইতকৈ বেয়া প্ৰভাৱ আমাৰ চুলিৰ ওপৰত পৰে। গৰম পানীয়ে তালু (Scalp)ৰ ছালৰ প্ৰাকৃতিক তেল হ্ৰাস কৰে আৰু ছাল শুকান কৰি তোলে, যাৰ ফলত চুলি দ্ৰুতভাৱে সৰে। যদি আপুনি ৩০ৰ পিছতও আপোনাৰ চুলিৰ স্বাস্থ্য বজাই ৰাখিব বিচাৰে, তেনেহ’লে চুলি গৰম পানীৰে ধোৱাটো পৰিহাৰ কৰক।

ব্যস্ত জীৱন শৈলীত, বহুসময়ত মানুহে অ’ৰ-ত’ৰ পৰা অস্বাস্থ্যকৰ খাদ্য খায়। বহু সময়ত মানুহে পলম হ’লে খাদ্য খোৱাও বাদ দিয়ে। এনে অভ্যাসে চুলি আৰু ছালৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায়। চুলিৰ যত্নৰ বাবে সময়ত খোৱা-বোৱা কৰাটো অতিকৈ প্ৰয়োজনীয়। যথেষ্ট পৰিমাণে প্ৰ’টিন (Protein), আইৰণ (Iron), ভিটামিন (Vitamin) থকা খাদ্য খোৱা উচিত।
চুলিত তেল নিদিয়াৰ ফলটো চুলি সৰা দেখা যায়। বহুতো ল’ৰাযই চুলিৰ যত্ন নলয়।

তেওঁলোকে বহুতে চুলিত তেল সানি ভাল নাপায় যাৰ ফলত চুলি সৰা আৰম্ভ হয় আৰু চুলি দীৰ্ঘদিনলৈ পৰিচৰ্যা নকৰাৰ ফলত তপা হৈ পৰে। সেয়েহে সপ্তাহত এটা দিন চুলিত তেল মালিচ কৰিব লাগে।
সুৰাপান আৰু ধূমপানেও দ্ৰুতভাৱে চুলি সৰাত সহায় কৰে। সেইবোৰত থকা টক্সিনৰ ফলত চুলিৰ যথেষ্ট ক্ষতি হয়। চুলি সৰা আৰু পকা চুলি হ্ৰাস কৰিবলৈ আপুনি এই অভ্যাসটো নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়।

হট ড্ৰায়াৰ ব্যৱহাৰ পৰিহাৰ কৰা উচিত। ল’ৰাসকলে আজিকালি হেয়াৰ ড্ৰায়াৰ, ষ্ট্ৰেইটনাৰৰ দৰে গৰম সঁজুলি (Heating tools) আদি ব্যৱহাৰ কৰা দেখা যায়, কিন্তু ইয়াৰ সৈতে তেওঁলোকে নিয়মীয়াকৈ চুলিৰ যত্ন নলয়, যিয়ে তেওঁলোকৰ চুলি পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু চুলিৰ ক্ষতি কৰে।

You May Also Like

More From Author