সাধাৰণ ৰোগসমূহৰ ভিতৰত এতিয়া সাধাৰণ ৰোগ হৈ পৰিছে ডায়েবেটিছ বা মধুমেহ ৰোগ। প্ৰায় সংখ্যক লোকেই বৰ্তমান এই ৰোগত আক্ৰান্ত। ডায়েবেটিক ৰোগীসকলে খাদ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হৈ থাকিব লাগে। যিকোনো খাদ্য খোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে। এনে কেইবিধমান শাক আছে যিয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে—-
পালেংঃ পালেং শাকত বহুকেইটা ভিটামিন পোৱা যায়। ভিটামিন C, ভিটামিন E আৰু ভিটামিন K প্ৰচুৰ পৰিমাণে থকাৰ উপৰিও আইৰণ, কেলছিয়াম, মেগনেছিয়াম, জিংক, পটেছিয়াম পোৱা যায়। কেলৰি আৰু কাৰ্বহাইড্ৰেট কম থকাৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ বাবে ই অত্যন্ত উপকাৰী।
পদিনাঃ পদিনা আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বদহজম, এছিডিটি, কৌষ্ঠকাঠিন্য,কফ আদি সমস্যা দূৰ কৰে পদিনাই। ডায়েবেটিছ ৰোগীসকলে নিয়মিত পদিনা কৰাটো ফলদায়ক।
তিতাকেৰেলাঃ তিতাকেৰেলাই ব্লাড গ্লুকজ কম কৰে। ইনচুলিন নিঃসৰণ বৃদ্ধি কৰে গতিকে তিতাকেৰেলা ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী।
আদাঃ বদহজম, কৌষ্ঠকাঠিন্য, বমি প্ৰতিৰোধ কৰাৰ লগতে পাচনক্ৰিয়া সহায়ক হয় আদা। কল’ষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰাৰ উপৰিও অত্যধিক ফাইবাৰ থকাৰ বাবে গ্লুকজৰ শোষণ কৰি নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।
মৰিছাঃ মৰিছা শাক ডায়েবেটিছ ৰোগীসকলৰ বাবে অতন্ত্য উপকাৰী। শৰীৰত ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি হৈ থাকিলে ক্ষুদ্ৰ ক্ষুদ্ৰ কোষসমূহলৈ তেজ চলাচলত বাধাৰ সৃষ্টি হয়। এনে সমস্যা দূৰ কৰাত মৰিছা শাক যথেষ্ঠ উপকাৰী।
মেথিঃ মেথি শাকে হজমী শক্তি বৃদ্ধি কৰে। শৰীৰৰ কাৰ্বহাইড্ৰেট আৰু গ্লুকজ শোষণৰ ক্ষমতা কমাই ইনছুলিন নিসৰণৰ ক্ষমতা বৃদ্ধি কৰে।
তদুপৰি এই ৰোগত আক্ৰান্ত ৰোগীসকলে চজিনা, ৰঙালাও, নহৰু, পিয়াজ আদি খালেও বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে