কাণৰ লতিৰ বিষ ঘাইকৈ মহিলাসকলৰ হয়৷ তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰে কোনো কোনো মহিলাৰ কাণৰ লতিত এলার্জীৰ সৃষ্টি কৰে৷ লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে৷ তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ, সেই কথা বেছিভাগ মহিলাই বুজি নাপায়৷ ফলত সমস্যাটোৰ মূল কাৰণ দূৰ কৰিবলৈ চেষ্টা নকৰি ৰোগৰ লক্ষণবোৰৰ চিকিৎসা কৰাতহে তেওঁলোক ব্যস্ত হৈ পৰে৷ কাণৰ লতিত বিষ বা খজুৱতি হ’লে যিটো প্রথমতে কৰা উচিত, সেইটো হ’ল অলংকাৰ পিন্ধিবলৈ বাদ দিয়া৷ এলার্জীৰ সৃষ্টি কৰা সেই অলংকাৰ পিন্ধিবলৈ চিৰকাললৈ বাদ দিব লাগিব৷ কাৰণ কাণৰ লতিৰ বিষটো ভাল হোৱাৰ পিছত একেবিধ অলংকাৰ আকৌ পিন্ধিলে পুনৰ একেটা সমস্যাই দেখা দিব৷
কাণৰ লতিত খজুৱতি হ’লে কেতিয়াও নখজুৱাব, কাৰণ খজুৱালেই বীজাণুৰ সংক্রমণ হ’ব৷ খজুৱতি অসহ্য হ’লে ফার্মাচীত ডাক্তৰৰ প্রেছক্রিপচন নোহোৱাকৈ পোৱা হাইড্র কৰট্রিচন ক্রীম লগাব৷ কাণৰ লতিত কেতিয়াও আঙুলি বা হাতখন নলগাব৷ আঙুলিৰ স্পর্শ লাগিলেই সমস্যা জটিল হ’ব৷ বীজাণুনাশক চাবোন ব্যৱহাৰ কৰি আক্রান্ত লতি দুটা পৰিষ্কাৰ কৰি ৰাখিব৷ কাণৰ লতিৰ অসুখটো ভাল হোৱাৰ পিছত পুনৰ অলংকাৰ পিন্ধিবলৈ মন গ’লে, কেৱল বেছি কেৰেটসম্পন্ন সোণৰ বা বিশুদ্ধ ৰূপৰ ফুলি পিন্ধিব৷ খজুৱতি বা বিষ হোৱা কাণৰ লতিটোত নেইল পলিচ লগালেও বিষ বা খজুৱতি কিছু উপশম হ’ব পাৰে৷