আৱেগ–অনুভূতিবোৰ আমাৰ সম্পূর্ণ নিজা সম্ভাৰ ৷ আৱেগ–অনুভূতিয়ে মানুহক চিৰ নতুন, প্রাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে৷ জীৱ–জন্তুৰ মাজতো আৱেগ–অনুভূতি আছে, কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে৷ বহু সময়ত দেখা যায় মানুহৰ চিৰ সাহচর্য এই আৱেগ–নুভূতিয়ে মানুহৰ এনে অথন্তৰ কৰে যে ই যথেষ্ট চিন্তাজনক হৈ পৰে৷ এইক্ষেত্রত এই আৱেগবোৰৰ বিষয়ে এক সম্যক জ্ঞানে কিছুমান বিপদৰ পৰা ৰক্ষা কৰাত মানুহক সহায় কৰিব পাৰে৷ ১৯৭০ চনত মনোবিজ্ঞানী প’ল একমেনে Paul Eckman) মানুহৰ ৬ ধৰণৰ মৌলিক আৱেগৰ বিষয়ে বর্ণনা কৰে৷ তেখেতৰ মতে, আৱেগে আমাক কোনো গুৰুত্বপূর্ণ ঘটনাৰ সন্মুখীন হ’বলৈ সেই বিষয়ে নভবাকৈয়ে স্বতঃস্ফূর্তভাৱে আমাক সাজু কৰে৷ তেখেতৰ দ্বাৰা বর্ণিত এই প্রাথমিক আৱেগসমূহৰ বিষয়ে কিছু আলোকপাত কৰা হ’ল ৷
খং বা ক্রোধঃ খং হৈছে মানুহৰ আটাইতকৈ আদিম আৱেগ, য’ত ব্যক্তিৰ অন্যৰ প্রতি শত্রুতা, বিক্ষোভ আৰু অসহ্যকৰ অনুভূতিৰ বহিঃপ্রকাশ ঘটে৷ খং উঠিলে হাতলৈ ৰক্তসঞ্চালন বৃদ্ধি হয়, যাতে প্রত্যাক্রমণৰ সুযোগ পোৱা যায়৷ নাড়ী স্পন্দন বৃদ্ধি হয়, নির্গত হোৱা এড্রিনিলাইন হৰমনে শৰীৰত শক্তি বৃদ্ধি কৰি শৰীৰক বলীয়ান কৰি তোলে৷ ভয়ৰ দৰে ক্রোধো ব্যক্তিৰ নিৰাপত্তা জড়িত আৱেগ, য’ত ফাইট আৰু ফ্লাইট প্রতিক্রিয়াৰ উদ্ভৱ হয়৷ যদিও ক্রোধক এক ঋণাত্মক আৱেগ হিচাপে গণ্য কৰা যায়, বহু সময়ত কোনো সমস্যা সমাধানৰ বাট মুকলি কৰে যদিহে তাক প্রকৃত দিশ দিয়া যায়৷ কিন্তু বেছিভাগ সময়তে ই এক নতুন সমস্যাৰ উদ্ভৱ কৰে, সেয়ে খঙৰ বহিঃপ্রকাশত সর্বতোপ্রকাৰে সাৱধান হোৱা উচিত৷
ভয় বা আতংকঃ ভয় হৈছে এক শক্তিশালী আৱেগ, যিটো মানুহৰ নিৰাপত্ত আৰু জীয়াই থকা অনুভূতিৰ লগত সংলগ্ণ৷ ভীতিবিহ্বল হ’লে মানুহৰ শৰীৰৰ ডাঙৰ মাংসপেশীসমূহ যেনে– ভৰিৰ পেশীলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়, যাতে ব্যক্তি পশ্চাদপদ হোৱাৰ সুযোগ পায়৷ খন্তেক সময়লৈ মুখমণ্ডল শেঁতা পৰে, ব্যক্তি নিশ্চল হৈ পৰে৷ পৰিৱর্তিত কার্যপন্থাৰ বাবে ব্যক্তি সাজু হৈ পৰে৷ ইয়াকে ফাইট আৰু ফ্লাইট প্রতিক্রিয়া বোলা হয়৷ অর্থাৎ হয় যুদ্ধ কৰা নহ’লে পলোৱা৷ ব্যক্তিভেদে ভয় আৰু আতংকৰ প্রতি প্রত্যুত্তৰ বেলেগ হ’ব পাৰে৷ কিছুমানে সামান্য প্রতিকূলতাতে ভয়বিহ্বল হৈ পৰে, আনহাতে অন্য কিছুমানে শান্ত–সমাহিতভাৱে তাৰ মোকাবিলা কৰে৷ বহুতে ভয় লগা ঘটনা বা খেলত জড়িত হৈ আনন্দ অনুভৱ কৰে৷ অন্য কিছুমানে ভয়ক প্রত্যাহ্বান জনাই ভয় নির্মূলত ফলপ্রসূ হোৱা দেখা যায়৷
সুখ বা আনন্দঃ এই আৱেগটোৰ প্রতি মানুহৰ হাবিয়াস আটাইতকৈ বেছি৷ সুখ বা আনন্দৰ মুহূর্তত ব্যক্তিৰ ঋণাত্মক শক্তিসমূহ প্রশমিত হৈ ইতিবাচক শক্তি জাগ্রত হয়৷ মুখলৈ এক স্বতঃস্ফূর্ত হাঁহি বিৰিঙি উঠে৷ শৰীৰলৈ এক শান্ত–সমাহিত ভাব প্রৱাহিত হয়৷ যিয়ে লক্ষ্য অভিমুখে ধাৱমান হ’বলৈ উৎসাহিত কৰে৷ সুখে মানুহৰ স্বাস্থ্য আৰু দীর্ঘজীৱন লাভত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ আনহাতে প্রেম বা ভালপোৱাক যদিও এক শক্তিশালী আৱেগ বুলি ভবা যায়, দৰাচলতে ই অন্য কিছুমান আৱেগৰ সমষ্টিত গঢ় লৈ উঠা এক মিঠা অনামি অনুভৱ, য’ত ব্যক্তি খং আৰু ভয়ৰ বিপৰীত মুখত অৱস্থান কৰে৷ ব্যক্তিৰ শৰীৰলৈ এক প্রশান্তিৰ তথা আত্মসন্তুষ্টিৰ ভাব সৃষ্টি হোৱাৰ ফলত ইজনৰ প্রতি সিজনৰ সাহচর্যৰ ভাব উদয় হয়৷
আশ্চর্যঃ কোনো অপ্রত্যাশিত ঘটনাৰ প্রতিক্রিয়া হিচাপে প্রকাশ পোৱা ক্ষণিক অনুভূতিয়ে হৈছে আশ্চর্য, যি ইতিবাচক বা নেতিবাচক নতুবা দুয়ো ধৰণৰ হ’ব পাৰে৷ বিস্ময়ত অভিভূত হৈ পৰিলে ভুৰু ওপৰলৈ উঠে৷ ফলত চকুৰ পৰিসৰ বৃদ্ধি হোৱাত অধিক পৰিমাণৰ ৰশ্মি ৰেটিনাত খুন্দা মাৰে৷ ই বিষয়বস্তুৰ ওপৰত অধিক তথ্য প্রদান কৰাত সহায়ক হয়, যাতে পৰৱর্তী কার্যপন্থা ভালদৰে ল’ব পৰা যায়৷ এই আৱেগেও ফাইট বা ফ্লাইট প্রতিক্রিয়াৰ জন্ম দিব পাৰে৷
বিষাদঃ বিষাদ হৈছে ব্যক্তিৰ আশাহত, নিৰুৎসাহজনক আৰু ক্ষুব্ধ অৱস্থা, য’ত তেওঁ ক্ষণিক সময়ৰ বাবে আগ্রহ হেৰুৱাই পেলায়৷ বিষণ্ণ অৱস্থাত ব্যক্তিয়ে কোনো আঘাত বা ক্ষতিক সহ্য কৰিব পৰা শক্তি আহৰণ কৰে৷ ব্যক্তি হতোদ্যম হৈ পৰাৰ ফলত শক্তি আৰু উৎসাহৰ অভাৱ অনুভূত হয়৷ শৰীৰৰ মেটাব’লিজিম অৱনমিত হোৱাত শক্তি ৰাহি হয়, যাতে ন–শক্তিৰ উদয় হ’লে ন–আঁচনি আৰু উৎসাহেৰে আগবাঢ়িব পাৰে৷
ঘৃণা বা কদর্যঃ প’ল একমেনে উল্লেখ কৰা ছবিধ মৌলিক আৱেগৰ অন্যতম এই আৱেগবিধ উদ্ভৱ হ’লে ব্যক্তিয়ে মুখমণ্ডল ঘূৰাই পেলোৱা দেখা যায়, ওক ভাবৰ উদ্ভৱ হয়, নাক কোঁচ খাই যায়৷ ই বিভিন্ন উৎসৰ পৰা উদ্ভৱ হ’ব পাৰে যেনে– কোনো অপ্রীতিকৰ ঘ্রাণ, সোৱাদ বা দর্শনৰ উপস্থিতিত৷ সেয়ে ই শৰীৰৰ হ’ব পৰা কোনো ক্ষতিৰ বিষয়ে সংকেত বহন কৰি ব্যক্তিক ৰক্ষা কৰিবলৈ চেষ্টা কৰে৷ ঠিক তেনেদৰে ঘৃণা কোনো ব্যক্তি বিশেষৰ প্রতিও হ’ব পাৰে, যদিহে সেই ব্যক্তিৰ মাজত কোনো অনৈতিক বা অৰুচিকৰ কার্যকলাপ দেখা পায়৷
প’ল একমেন আৰু তেখেতৰ ছাত্রসকলে পিছত আন ভালেকেইবিধ আৱেগকো এই তালিকাত অন্তর্ভুক্ত কৰে৷ কিন্তু উল্লেখ কৰে যে এই আৱেগবোৰ ব্যক্তিৰ মুখমণ্ডলত অভিব্যক্ত হ’বই লাগিব বুলি কোনো কথা নাই৷ এই আৱেগবোৰ হৈছে আমোদ বা ৰং–ধেমালি, গৌৰৱ, সন্তোষ বা সন্তুষ্টি, লজ্জা, অস্বস্তি, গ্লানি আৰু ৰোমাঞ্চ বা উত্তেজনা৷ আনহাতে বিখ্যাত মনোবিজ্ঞানী ৰবার্ট পলুটচিকে Robert Plutchik) এক আৱেগৰ চকৰি তৈয়াৰ কৰে, যাক ৰঙৰ তুলিকাৰে গঢ়া এক বাৰেবৰণীয়া চিত্র বুলিব পাৰি৷ যিদৰে নানান ৰঙৰ সংমিশ্রণত এক ছায়াচিত্র তৈয়াৰ হয়, তেনেদৰে বিভিন্ন আৱেগৰ সমষ্টিৰে এক নির্দিষ্ট অনুভৱৰো সৃষ্টি হয়৷ যেনে ধৰক আনন্দ আৰু বিশ্বাসৰ মিলনত প্রেম–ভালপোৱাই ঠন ধৰি উঠে৷
এই আৱেগ–নুভূতিবোৰ প্রকাশত আমাৰ দৈনিন্দিন জীৱনৰ অভিজ্ঞতা আৰু সাংস্কৃতিক মূল্যবোধে এক উল্লেখনীয় অৱদান আগবঢ়ায়৷ মানৱ সভ্যতাৰ বিৱর্তন কালত আমাৰ চিন্তা–চর্চা আৰু ৰুচিবোধে আমাৰ আৱেগ–নুভূতিবোৰৰ বিৱর্তন আনি দিছে৷ প্রাচীন মানুহৰ জীৱনত ভয় আৰু সন্ত্রাসে যিদৰে প্রভাৱান্বিত কৰিছিল, এতিয়া নকৰে৷ আধুনিক সভ্যতাৰ বিকাশৰ লগে লগে আৱেগ–নুভূতিবোৰে অধিক সূক্ষ্ম আৰু সাৱলীল ৰূপ ধাৰণ কৰিছে৷
এইখিনিতে আমি সততে সন্মুখীন হোৱা এক ধর্ম সংকটৰ কথা ক’বলৈ লৈছোঁ৷ সেয়া হৈছে আমাৰ আৱেগিক মন আৰু যুক্তিবাদী মন৷ যেন একেটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ কোনটো সময়ত কোন হাৰে, কোন জিকে ক’ব নোৱাৰি, কিন্তু দুয়োটাই আনটোৰ অবিহনে আধৰুৱা৷ কিন্তু কোনোবাটোৰ আধিক্যয়ো কেতিয়াবা এক অথন্তৰ ঘটাবলৈ সক্ষম৷ আনহাতে দুয়োটাৰ সুষম অৱস্থাত যিকোনো সমস্যাৰ সমাধান সম্ভৱ হৈ উঠে৷