কাটাৰ বিশ্বকাপ ফুটবলত অংশগ্রহণৰ সুযোগ গীতিকা তালুকদাৰৰ

0 min read

অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত উত্তৰ–পূর্বাঞ্চলৰ পৰা অংশগ্রহণৰ সুযোগ লাভ কৰিছে জ্যেষ্ঠ ক্রীড়া সাংবাদিক তথা ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ বিশ্বৰ আগশাৰীৰ এই ফুটবল মহাৰণৰ বা–বাতৰি সংগ্রহৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ পৰা দ্বিতীয়বাৰৰ বাবে সুযোগ লাভ কৰা গীতিকা তালুকদাৰেই হৈছে একমাত্র মহিলা সাংবাদিক৷ ইয়াৰ পূর্বেও ২০১৮ বর্ষত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপত তেওঁ অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল৷ কেৱল উত্তৰ–পূর্বাঞ্চলৰেই নহয়, ভাৰতৰ পৰা ফিফা বিশ্বকাপত এইবাৰ অংশগ্রহণৰ বাবে একমাত্র মহিলা ফটোগ্রাফাৰ হৈছে গীতিকা তালুকদাৰ৷ উল্লেখ্য যে ১৬ বছৰীয়া সাংবাদিকতাৰ কেৰিয়াৰত তেওঁ কেইবাখনো আগশাৰীৰ সংবাদ পত্রক প্রতিনিধিত্ব কৰিছিল৷ জাপানত অনুষ্ঠিত হোৱা টকিঅ অলিম্পিক গেমছতো তেওঁ অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল৷ টকিঅ অলিম্পিকৰ বা–বাতৰি আৰু ফটো সংগ্রহ কৰিবলৈ সুযোগ লাভ কৰা একমাত্র আৰু প্রথম মহিলা ফটোগ্রাফাৰ হিচাপেও তেওঁ সুখ্যাতি লাভ কৰিছে৷ সমান্তৰালভাৱে ২০১৯ বর্ষত ফ্রান্সত অনুষ্ঠিত ফিফা মহিলা বিশ্বকাপ, ২০১৯ বর্ষত লণ্ডনত অনুষ্ঠিত আইচিচি ক্রিকেট বিশ্বকাপ, ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ প্রতিটো সংস্কৰণ, ইণ্ডিয়ান ছুপাৰ লীগৰ প্রতিটো সংস্কৰণৰ উপৰি ভাৰত–পাকিস্তান লীগ মেচ, কমনৱেলথ গেমছ, ১৭ বছৰ অনূর্ধ্বৰ ফিফা আৰু ছাউথ এছিয়ান গেমছকে ধৰি আগশাৰীৰ বহু ক্রীড়া প্রতিযোগিতাত তেওঁ অংশগ্রহণ কৰি আহিছে৷ অহা ১৯ নৱেম্বৰত তালুকদাৰ কাটাৰ অভিমুখে ৰাওনা হ’ব৷ কাটাৰৰ বিশ্বকাপৰ গ্রুপ মেচ, ছেমিফাইনেল আৰু ফাইনেল মেচৰ তেওঁ বা–বাতৰি সংগ্রহ কৰিব৷

You May Also Like

More From Author