ইচ্ছা নাই, তথাপিও একাধিক বাৰ স্থাপন কৰা হৈছে শাৰীৰিক সম্পৰ্ক। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এজন লোকে চিঠি প্ৰেৰণ কৰি জনাইছে যে, তেওঁৰ মনৰ মানুহ বিচাৰিছে। কিন্তু পোৱা নাই বিচাৰি। তাৰ সলনি এট নিশা শাৰীৰিক সম্পৰ্ক বা কেজুৱেল চেক্সৰ জৰিয়তেই সন্তুষ্ট থাকিবলগীয়া হৈছে। যিয়ে ক্ৰমাগত ভাবে মনত গ্লানিৰ জন্ম দিছে।
এই ক্ষেত্ৰত বিশেষজ্ঞা পল্লৱী বৰ্নৱালে জনাই দিছে যে, কেজুৱেল চেক্স বেয়া নহয়। কিন্তু যিমানেই আধুনিক নহওক, আমাৰ সমাজে এতিয়াও কেজুৱেল চেক্সক সহজ ভাবে ল’ব পৰা নাই। আৰু সমাজৰ এই ধাৰণাই আমাক বিষাদগ্ৰস্ত কৰি তোলে। নিজকে অপৰাধী যেন লাগে সমাজৰ আগত।
কিন্তু শাৰীৰিক সম্পৰ্কৰ নিজস্ব দাবী থাকিবই। গতিকে পল্লৱীৰ পৰামৰ্শ- এই ক্ষেত্ৰত নিজৰ সীমাৰেখা নিজেই ঠিক মতে ৰাখিব লাগিব। নিজৰ সৈতে এটা বুজাপৰাত আহিব লাগিব। ইয়াৰ বাবে বন্ধুৰ সহায় লোৱাৰো পৰামৰ্শ দিয়ে বিশেষজ্ঞই।