ডাঃ নৰোত্তম সোণোৱাল
নিজৰ হূদয়ক সুস্থ জীৱনশৈলীৰ অনুশীলনৰ দ্বাৰা ৰোগক প্রতিহত কৰি ৰাখিব পাৰি৷ যদিও হূদৰোগে অকালতে জীৱন কাঢ়ি নি মৃত্যুদূত আখ্যা পোৱা ৰোগবিলাকৰ নেতৃত্ব বহন কৰি আহিছে৷ তৎসত্ত্বেও সেয়া হ’ল বুলিয়ে এইটো চিৰসত্য বুলি মানি ল’ব নালাগে যে ইয়ে বিধিৰ বিধান৷ ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ কোনো উপায় নাই, এনে হ’বই নোৱাৰে৷ কিছুমান বিপদসংকুল কাৰক যেনে– বংশগত, লিংগ বা বয়স আদিৰ ওপৰত একে আষাৰে প্রত্যক্ষভাৱে প্রভাৱ বিস্তাৰ কৰিব নোৱাৰি, তথাপি এক সুস্থ জীৱনশৈলীৰ অনুশীলন আৰু চিকিৎসাৰ যথাসম্ভৱ আগতীয়াকৈ ব্যৱস্থা ল’লে ভৱিষ্যতলৈ হ’ব পৰা যিকোনো মুখ্য হূদৰোগৰ পৰা নিজে হাত সাৰি থাকিব পাৰি৷ এনে কিছুমান বিশেষ পদক্ষেপ যেনে–
১৷ ধূমপান সেৱন বা ধঁপাত ব্যৱহাৰৰ পৰা বিৰত থাকিঃ ধঁপাতত থকা ৰাসায়নিক পদার্থই হূদপিণ্ড আৰু ৰক্তবাহী নলীৰ ভিতৰৰ অংশৰ হানি–বিঘিনি ঘটাই ধমনীৰ মেৰ ঠেক কৰি পেলায়, যাৰ ফলত হার্টএটেকৰ দৰে মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে৷ আনকি ধোঁৱাবিহীন ধঁপাত বা অতি নিকৃষ্টমানৰ নিক’টিনযুক্ত চিগাৰেট সেৱনেও সময়ত বিপজ্জনক হৈ উঠিব পাৰে কাৰণ ই প্রত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ধূমপান সেৱনৰ নিচিনাই কাম কৰে৷ কিন্তু ভাল খবৰটো এইটোৱে যে যদি ধূমপান সেৱন একেবাৰে পৰিত্যাগ কৰিব পৰা যায়, তেতিয়াহ’লে প্রায় পাঁচ বছৰৰ ভিতৰতে ধূমপান নকৰা সুস্থ লোকৰ নিচিনাকৈ হূদৰোগৰ এই আশংকাৰ পৰা পৰিত্রাণ পোৱা দেখা যায়৷ আনহাতে, ব্যক্তিজনে কিমান পৰিমাণৰ বা কিমান পেকেট চিগাৰেট সেৱন কৰিছে আৰু কিমান দিনৰ পৰা সেই ধূমপান সেৱন কৰি আছে এনে কিছুমান কথাৰ ওপৰতো বহুখিনি নির্ভৰ কৰে৷
২৷ সপ্তাহৰ সর্বাধিক দিনতে প্রায় ৩০ মিনিট শাৰীৰিক ব্যায়াম কৰা ঃ সচৰাচৰ যিকোনো ধৰণৰ শাৰীৰিক ব্যায়ামেই আমাৰ হূপিণ্ডৰ ওপৰত ধনাত্মক প্রভাৱ পেলায়৷ সাধাৰণতে যিবিলাক ব্যায়ামত বা কর্মত আমাৰ শৰীৰৰ ডাঙৰ মাংসপেশীৰ আটাইতকৈ বেছি ব্যৱহাৰ হয় যেনে– খৰকৈ খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি৷ এনে ব্যায়ামে ওজন কমোৱাৰ উপৰি উচ্চ ৰক্তচাপ, বর্ধিত কলেষ্ট্রৰেল আৰু বহুমূত্র ৰোগ নিয়ন্ত্রণত অধিক প্রভাৱ পেলায়৷ সেই কাৰণে নিয়মীয়াকৈ অতিকমেও ৩০ মিনিট অথবা সপ্তাহটোৰ বেছিভাগ দিনতেই যদি এনে ব্যায়াম কৰা হয়, তেনেহ’লে প্রায় ৪ৰ পৰা ৯ মিঃমিঃ পর্যন্ত ৰক্তচাপ হ্রাস কৰিব পাৰি৷ শাৰীৰিক সুস্থতাৰ কাৰণে যে কেৱল কষ্টকৰ ব্যায়ামেই কৰিব লাগিব এনে নহয়৷ কিন্তু ব্যায়ামৰ পৰা পর্যাপ্ত সুফল লাভ কৰিব পৰা যায়, যেতিয়া ব্যায়ামৰ তীব্রতা, ম্যাদ আৰু কম্পনাংক অধিক বৃদ্ধি কৰি নিয়মীয়াকৈ ইয়াক মানি চলা হয়৷
৩৷ হূদপিণ্ডৰ সুস্বাস্থ্যকৰ খাদ্য খাব লাগে ঃ
স্বাস্থ্যকৰ খাদ্যই হূদৰোগৰ শংকা কমায়৷ হূদপিণ্ডৰ বাবে স্বাস্থ্যকৰ খাদ্য বুলি ক’লে, যিবিলাক খাদ্যত কম পৰিমাণে কলেষ্টৰেল, সংপৃক্ত চর্বি, ট্রেন্সফেট, শর্কৰা আৰু ছ’ডিয়াম থাকে তাকে জনা যায়৷ হূদপিণ্ডৰ স্বাস্থ্যকৰ খাদ্যবস্তুৰ ভিতৰত বেছিকৈ আঁহযুক্ত খাদ্য যেনে– হল গ্রেইনছ, ফল–মূল, সেউজীয়া শাক–পাচলি আৰু কিছুমান নির্দিষ্ট চর্বি যেনে– অলিভ আৰু নাচপতি জাতীয় ফল, অলিভ অইল, বাদাম আৰু সাগৰীয় মাছ৷ এই উদ্ভিদভিত্তিক স্বাস্থ্যসন্মত উৎসৰ পৰা পোৱা চর্বিয়ে বেয়া কলেষ্টৰেলৰ পৰা হূদপিণ্ডক ৰক্ষা কৰাত সহায় কৰে৷ অমেগা–৩ ফেটি এচিড তেলযুক্ত সাগৰীয় মাছ যেনে– মেকৰেল, ছাৰডিন, টোনা, আৰু চেলমন ইত্যাদি যিবিলাক মাছে হূদযন্ত্রৰ বাবে অত্যাৱশ্যকীয় ওমেগা–ফেটি এচিডৰ উৎকৃষ্ট উৎস হিচাপে চিহ্ণিত হৈছে, সেই খাদ্য সপ্তাহত দুবাৰকৈ খোৱাৰ অভ্যাস কৰিলে হূদৰোগ প্রতিহত হয়৷
সংপৃক্ত চর্বিৰ মূল উৎসবিলাক হৈছে–
* ৰেড মিট৷
* গাখীৰৰ পৰা উৎপন্ন হোৱা বস্তু৷
* নাৰিকল আৰু তালজাতীয় গছৰ পৰা হোৱা তেল৷
ট্রেন্স ফেটৰ উৎসবিলাক হৈছে–
* ফাষ্ট ফুড৷
* বেকাৰীৰ পৰা তৈয়াৰী খাদ্যবস্তু৷
* পেকেটত থোৱা জলপান খাদ্য Packaged snack foods)৷
* বনস্পতি তেলেৰে প্রস্তুত কৰা কৃত্রিম মাখন৷
* কেকাৰ বিস্কুট৷
ফলমূল আৰু শাক–পাচলিঃ
সৰহকৈ সতেজ ফলমূল আৰু সেউজীয়া শাক–পাচলি খালে কেৱল হূদপিণ্ডৰ প্রতিৰোধ ক্ষমতাই যে বাঢ়ে এনে নহয়, ই আনকি কর্কট ৰোগৰ প্রতিৰোধ ক্ষমতা বঢ়োৱাতো সহায় কৰে আৰু ই মধুমেহ ৰোগ আৰোগ্য লাভতো অৰিহণা যোগায়৷ এনে ফলমূল, শাক–পাচলিৰ ভিতৰত বগৰী, চয়াবিন, তিচিগুটি, আপেল, ভিটামিন চি, আখৰোট বিলাহী ইত্যাদি৷
৪৷ স্বাস্থ্যসন্মত ওজন ৰক্ষা কৰাঃ
ওজন স্বাভাৱিক কৰি ৰাখিলে উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব পাৰি৷ আনকি সামান্য পৰিমাণৰ ওজন কমোৱাটোও হূদপিণ্ডৰ বাবে লাভদায়ক৷ এজন মানুহে যদি স্থিতাৱস্থাৰ পৰা পাঁচ বা দহ শতাংশ ওজন হ্রাস কৰিব পাৰে, তেনেহ’লে সেই লোকজনে উচ্চ ৰক্তচাপ, বর্ধিত কলেষ্টৰেল আদি কাৰকবিলাকৰ প্রাধান্যত বাধাৰ সৃষ্টি কৰে আৰু ফলত বহুমূত্র ৰোগৰ আশংকাও হ্রাস পোৱা দেখা যায়৷ সেয়েহে এজন পুৰুষৰ বিজ্ঞানসন্মত ওজন চেণ্টিমিটাৰ স্কেলৰে জোখা তেওঁৰ উচ্চতাৰ পৰা ১০০ সংখ্যাটো বিয়োগ কৰিলে যি মান পোৱা যায় মোটামুটিভাৱে সেইটো হোৱা উচিত৷ আনহাতে, মহিলাৰ ক্ষেত্রত আকৌ তেওঁলোকৰ উচ্চতাৰ পৰা বিয়োগ কৰিব লগা সংখ্যাটো ১০৯ ধৰা হয়৷ মন কৰিবলগীয়া কথাটো হ’ল, মধ্য বয়সৰ পৰাই যদি অতি ওজনৰ পৰা বিশেষভাৱে নিজকে বিৰত ৰখা নহয়, তেনেহ’লে এই কাৰকে হূদৰোগৰ অধিক শংকা নমাই আনে আৰু ইয়াৰ পৰা হূদৰোগৰ অন্যতম কাৰক উচ্চ ৰক্তচাপ, বর্ধিত কলেষ্টৰেল, বহুমূত্র ৰোগ আদি কাৰকতো যথেষ্ট প্রভাৱ পৰা দেখা যায়৷