উচ্চ ৰক্তচাপ আৰু ফলৰ ৰস

1 min read

শেহতীয়া গৱেষণাত প্রকাশ পোৱা তথ্যানুযায়ী দিনে এগিলাচ ফলৰ ৰস দেহৰ কাৰণে উপকাৰী হোৱাৰ বিপৰীতে সমস্যাৰ কাৰকো হ’ব পাৰে৷ মাজে মাজে ফলৰ ৰস পান কৰাসকলৰ তুলনাত দৈনিক ফলৰ ৰস পান কৰাসকল বেছিকৈ উচ্চ ৰক্তচাপত ভোগে৷ ফলত ৰসত থকা চেনিজাতীয় উপাদানৰ মাত্রা আঁহীয় মাত্রাতকৈ বেছি হোৱা কাৰণেই ৰক্তচাপ বাঢ়ে আৰু হূদৰোগ কিছুমানে সমস্যাৰ সৃষ্টি কৰে বুলি বিজ্ঞানীসকলে ব্যাখ্যা আগবঢ়ায়৷ অষ্ট্রেলিয়াৰ শ্বুইনবার্ন বিশ্ববিদ্যালয়ৰ মেথি’পেজ নামৰ গৱেষকজনে লগতে উল্লেখ কৰে যে ফলৰ ৰসে দেহত ভিটামিন, আঁহ আদিৰ যোগান ধৰে যদিও অতিৰিক্ত চেনিভাগে হার্ট এটেক আদিৰ সমস্যাৰ সৃষ্টি কৰে৷ দেহৰ অতিৰিক্ত ওজন বঢ়াতো ফলৰ ৰসে সহায় কৰে৷ গৱেষকৰ দলটোৱে লগতে প্রকাশ কৰে যে ২৫০ মিঃলিঃ ফলৰ ৰসে ১১৫ কেলৰি যোগান ধৰে, যিখিনি কেলৰি প্রায় ৭ চামুচ চেনিত থাকে৷ ইমানদিনে ভাবি অহা ফলৰ উপকাৰিতাও এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে ৷,

 

You May Also Like

More From Author