ইয়াৰ পূৰ্বেও পল্লৱী বাৰ্নৱালে মুখ খুলিছিল বহুকেইটা যৌন সংক্ৰান্তীয় সমস্যাৰ ওপৰত। এইবাৰ মন্তব্য আগবঢ়াইছে একেসময়তে দুজন লোকক সমানে ভালপোৱাৰ ওপৰত।
নাম প্ৰকাশ কৰা নকৰি পল্লৱীয়ে জনাইছে যে, ‘এই বিষয়ে এজন যুৱকে পৰামৰ্শ বিচাৰি চিঠি প্ৰেৰণ কৰিছিল।’
পল্লৱীয়ে জনাইছে যে, আমি সকলোৱেই সকলো সময়তেই একাধিক ব্যক্তিক এভাল পাই থাকিব পাৰো। মাতৃয়ে নিজৰ সন্তানক, সন্তানে নিজৰ পিতৃ-মাতৃক। ভাতৃ-ভগ্নীৰ পাৰস্পৰিক ভালপোৱা। কিন্তু যেতিয়াই একে সময়তে ভালপোৱা বহুজনৰ সৈতে যৌন সম্পৰ্কৰ বিষয়টো আহে, তেতিয়াই অনেক সমস্যাই দেখা দিব পাৰে। ৰক্ষণশীল সমাজত এনেধৰণৰ অভ্যাসক পলিগেমী বা বহুগামিতা বুলি কোৱা হয়। ধৰা হয় যে, ই এটা দুঃচিন্তাৰ লক্ষণ।
তাৰ মানে, বহুকামিতাক স্বাভাৱিক হিচাপেই বিবেচনা কৰা হয়। যি অস্বাভাৱিক নহয়। কোনোৱে একে সময়তে দুই বা তাতোধিক ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰা মানেই যৌন সম্পৰ্ক নুবুজায়। কিন্তু সমস্যা এটা থাকে ঠিকেই। সম্পৰ্কৰ ভিত্তি যিহেতু সামাজিক, গতিকে বহুাকামিতাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট এজন লোকে পাই থাকে বৈধ সংগীৰ মৰ্যদা।