সংগীৰ সৈতে নিবিড় মুহূৰ্ত কটোৱাৰ সময়ত আন কথাবোৰে কেতিয়াবা আপোনাক নিশ্চয় আমনি কৰে আৰু দুয়ো বেলেগ বিষয়ত কথা পাতিবলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত কি কৰিপ আপুনি? জনালে বিশেষজ্ঞ পল্লৱী বৰ্নৱালে?
আপুনি, আপোনাৰ সংগীক ভাল পায় আৰু তেওঁৰ সৈতে অধিক যৌন আনন্দ উপভোগ কৰিব বিচাৰে। উন্নত যৌন জীৱন গুৰুত্বপূৰ্ণ আৰু অন্যান্য কথাবোৰ সেইসময়ত গুৰুত্বপূৰ্ণ নহয়।
আপুনি যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ছোৱাত কামৰ কথা বা অন্যান্য কিবা কথাই আপোনাক সেই সময়ৰ পৰা দূৰ কৰে নেকি, তেন্তে নিশ্চয়কৈ ক’ব লাগিব যে আপোনালোক দুয়োয়ে কাম আৰু অন্যান্য দায়িত্বৰ বোজাৰ তলত পুত গৈ আছে আৰু যাৰ বাবে আপোনালোক দুয়োৱে ইজনে আনজনৰ ওচৰত থকাৰ সুযোগ লাভ কৰিবলৈ সক্ষম নহয়। গতিকে আপোনালোক দুয়ো ইজনে আনজনৰ সৈতে কটাবলৈ যিখিনি সময় লাভ কৰে সেই সময়ছোৱাত ইজনে আনজনৰ কাষ চাপিবলৈ চেষ্টা কৰক, যৌন সম্ভোগৰ বাবে নহয়।
ধ্যান আঁতৰি যোৱাৰ দিশটোলৈ চালে ইয়াক সমাধানৰ ব্যৱস্থা কৰক। বাৰম্বাৰ ছচিয়েল মিডিয়াত ব্যস্ত হৈ পৰা আৰু তাত কি ঘটি আছে সেয়া জানিবলৈ চেষ্টা কৰাৰ পৰা দূৰৈত থাকক ।