কচু শাক খোৱাৰ নীতি–নিয়ম আৰু ল’ব লগা সাৱধানতা!

1 min read

* কিডনি ষ্টোন হ’লে কচু খোৱা অনুচিত৷ কিয়নো ইয়াত থকা প্রচুৰ পৰিমাণৰ কেলছিয়াম অক্সলেটে calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে৷ বেছিভাগ কিডনী ষ্টোন অক্সলেট ষ্টোন হয়৷ সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত৷ নিৰোগী লোকেও অত্যধিক পৰিমাণে কচু নোখোৱাই ভাল৷ অন্যথা কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷
* ইয়াত প্রচুৰ পৰিমাণে ভিটামিনA থাকে৷ অত্যধিক খালে লিভাৰত বেছি পৰিমাণে ভিটামিনA সঞ্চিত হয়৷ ভিটামিনA ফেটত হে দ্রবিত হয় fat soluble) সেয়েহে লিভাৰৰ বিভিন্ন ৰোগ যেনে জণ্ডিছ, ফেটি লিভাৰ fatty liver), লিভাৰ বৃদ্ধি বাenlarged লিভাৰ আদিত কচু বেছি নোখোৱাই ভাল৷ অন্যথা লিভাৰৰ ওপৰত অতিৰিক্ত বোজা আহি পৰে৷
* এলার্জিজনিত বহু ৰোগত কচু অপথ্য৷ কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্রৱ বৃদ্ধি হ’ব পাৰে৷ তদুপৰি কিছুমান লোকৰ কচু খালেও এলার্জী হয়৷ গতিকে এলার্জি হোৱাৰ সময়ত কচু নাখাব৷
* অর্শ ৰোগত কচু থুৰি খাব নালাগে৷ কাৰণ ইয়াত বেছিকৈ লৌহ বা আইৰণ আছে৷ গতিকে বেছিকৈ কচু খালে কৌষ্ঠকাঠিন্য হৈ ৰোগৰ বৃদ্ধি হ’ব পাৰে৷ অৱশ্যে অর্শ ৰোগত ওলকচু উপকাৰী৷

You May Also Like

More From Author