ৰন্ধনত সোৱাদৰ ববে যিমানখিনি প্ৰয়োজন সিমানখিনি নিমখেই শৰীৰৰ বাবে পৰ্যাপ্ত। কিন্তু বহুতেই খাবলৈ বহাৰ সময়ত পাতত কেঁচা নিমখ লয়। এয়া শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক।
নিমকেই হ’ল সুস্বাদু ব্যঞ্জনৰ চাবি–কাঠি। ৰন্ধনত সোৱাদৰ ববে যিমানখিনি প্ৰয়োজন সিমানখিনি নিমখেই শৰীৰৰ বাবে পৰ্যাপ্ত। কিন্তু বহুতেই খাবলৈ বহাৰ সময়ত পাতত কেঁচা নিমখ লয়। এয়া শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক। যদি এনে কেঁচা নিমখ খোৱাৰ অভ্যাস থাকে তেন্তে জীৱনৰ পৰা বিয়োগ হ’ব কেইবাটাও বছৰ। আনকি আকস্মিক মৃত্যুও হ’ব পাৰে। সম্প্ৰতি ৫ লাখ ব্ৰিটিছৰ ওপৰত সমীক্ষা চলোৱাৰ পিছত পোহৰলৈ আহিছে এই সত্য।
গৱেষণা কি কয় : ১১ জুলাইত ইউৰোপীয় হাৰ্ট জাৰ্নেলত এক গৱেষণা প্ৰকাশিত হয়। অতিৰিক্ত নিমখে শৰীৰত কি প্ৰভাৱ পেলায় সেয়া জানিবলৈ ৫ লাখৰো অধিক ব্ৰিটিছ নাগৰিকৰ ওপৰত ৯ বছৰ ধৰি সমীক্ষা চলোৱা হৈছিল। তাত দেখা গৈছে, অতিৰিক্ত নিমখ নোখোৱা লোকৰ তুলনাত যিসকলে ঘনে ঘনে নিমখ খায় তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ২৮ শতাংশ বেছি।
টুলানি ইউনিভাৰ্ছিটী স্কুল অব পাব্লিক হেল্থ এণ্ড ট্ৰপিকেল মেডিচিনৰ অধ্যাপক আৰু সমীক্ষাৰ প্ৰধান লু কুই কয়, ‘আমি জনা মতে এনে গৱেষণা আমিয়ে প্ৰথম কৰিছো। ইয়াৰ পৰা এটা কথা নিশ্চিতকৈ ক’ব পৰা যায়, বৰ্ধিত ছডিয়াম গ্ৰহণ কমাব পাৰিলে শৰীৰ ভালে থাকিব।’
অধিক নিমখে কিদৰে পুৰুষ আৰু মহিলাসকলৰ বয়সক প্ৰৱাৱিত কৰে : অধিক নিমখ খোৱাসকলৰ অকাল মৃত্যুৰ সম্ভাৱনা আনসকলৰ তুলনাত ২৮ শতাংশ অধিক। ৫০ বছৰ বয়সীয়া যিসকল পুৰুষে অতিৰিক্ত নিমখ খায়, তেওঁলোকৰ জীৱনৰ পৰা প্ৰায় ২.২৮ বছৰ আয়ুস হ্ৰাস পায়। মহিলাসকলৰ ক্ষেত্ৰত এয়া ১.৫ বছৰ।
বেছি নিমখ খোৱাৰ বিপদ : বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উচ্চ মাত্ৰাত ছডিয়াম (দিনত ২ গ্ৰামৰ কম ছডিয়াম গ্ৰহণ দিনত ৫ গ্ৰাম নিমখ খোৱাৰ সমান) গ্ৰহণ কৰিলে ৰক্তচাপৰ সম্ভাৱনা বাঢ়ে। এটা সময়ৰ পিছত এয়া হৃদৰোগ আৰু ষ্ট্ৰোকৰ দিশে লৈ যায়।
বিশ্ব স্বাস্থ্য সংস্থাই কৈছে, প্ৰাপ্তবয়স্কসকলৰ বাবে প্ৰতিদিনে ৫ গ্ৰামৰ কম নিমখ গ্ৰহণ ৰক্তচাপ আৰু কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ, ষ্ট্ৰোক আৰু কৰোনেৰী হাৰ্ট এটেকৰ সম্ভাৱনা কমোৱাত সহায় কৰে।
অতিৰিক্ত নিমখ খোৱাৰ লক্ষণ : অত্যধিক নিমখ খোৱা হৈছেনে নাই সেয়া বহুধৰণে বুজা যায়। ইয়াৰ ভিতৰত সাধাৰণ লক্ষণবোৰ হ’ল, শৰীৰত ফুলা ভাৱ, ৰক্তচাপ বৃদ্ধি, ঘনে ঘনে প্ৰস্ৰাৱ লগা, টোপনিত ব্যাঘাত জন্ম আৰু দুৰ্বলতা।
কিদৰে নিমখ খোৱা কমাব : ইউকে নেচনেল হেল্থ ছাৰ্ভিচেছে কম নিমখযুক্ত খাদ্য খোৱাৰ বহুকেইটা পৰামৰ্শ দিছে। স্নেক্স বা পেকেটজাত খাদ্য কিনাৰ সময়ত পুষ্টিৰ লেবেল চাই ল’ব লাগে। তেতিয়া বুজা যায় কোন খাদ্যত কিমান নিমখ আছে। কিন্তু ৰন্ধা খাদ্যত নিমখ কম দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
Disclaimer: ওপৰোক্ত তথ্যবোৰ কোনো ৰোগ বা ঔষধৰ বিকল্প হ’ব নোৱাৰে। ব্যৱহাৰিক প্ৰয়োগৰ পূৰ্বে চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ লওক।