অনাকাংক্ষিত মৃত্যুৰ যেন আন নাম সুৰাপান !

0 min read

অৱসাদ বিনোদনৰ বাবে আপুনিও কেতিয়াবা আশ্ৰয় লৈছে নেকি সুৰাৰ দৰে এক সামাজিক ব্যাধিৰ..???
বহু সময়ত বটলত সতৰ্কবাণী লিখাৰ পিছতো সুৰা স্বাস্থ্যৰ বাবে উপকাৰী বুলি বহুলোকে দাবী তোলা দেখা গৈছিল।কিন্তু শেহতীয়া এক তথ্য অনুসৰি পূৰ্বত উত্থাপিত তথ্যবোৰ এক ভ্ৰান্ত ধাৰণা বুলিহে গণ্য কৰা দেখা গৈছে।
আমেৰিকাৰ নেচনেল ইনষ্টিটিউটৰ গৱেষকসকলে কিছু দিন পূৰ্বে প্ৰকাশ কৰিছে যে এলকহলৰ পৰিমাণ বৃদ্ধিয়ে শৰীৰত বিভিন্ন ৰোগৰ লগতে ৫প্ৰকাৰৰ কৰ্কট ৰোগৰ সৃষ্টি কৰে।এই ৰোগ সৃষ্টিকৰ্তা এলকহলৰ ভিতৰত ৩ৰ পৰা ৬ % এলকহল যুক্ত বিয়েৰৰ পৰা আৰম্ভ কৰি ৱাইন,ভদকা,ৰাম,ব্ৰেণ্ডী,
স্কটচ আদি সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকে।
গৱেষণাৰ তথ্য অনুসৰি গৱেষকসকলে প্ৰকাশ কৰিছে যে সুৰাপান কৰিলে স্তন , অন্ত্ৰ, মুখ, কণ্ঠৰ আদি বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ লগতে হাৰ্ট ফেইলিয়ৰ আৰু মহিলাসকলকৰ বিশেষকৈ গৰ্ভধাৰণ ক্ষমতা ৰ হ্ৰাস হবলৈ ধৰে।
ইয়াৰ কাৰণ সমূহ সূক্ষ্মভাৱে বিচাৰ কৰাৰ পিছত পোহৰলৈ আহিছে যে মানুহে সেৱন কৰা সুৰাত মিথাইল আৰু ইথাইল দুইবিধৰ ভিতৰত ইথাইল এলকহল মিহলি হৈ থাকে।

বহুলোকে ইতিমধ্যে সুৰাপানে কৰ্কট সৃষ্টিৰ মূল বুলি জনাৰ পিছতো গুৰুত্ব নিদি মাথোঁ সেৱন কৰাত হে মনোনিবেশ কৰিছ।ইয়াৰ ফলতে বৃদ্ধি পাইছে অচিন ৰোগ ৰ আৰু দুৰ্ঘটনাৰ।সেয়েহে তাৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ বহুজন সচেতন লোকে ছাইক’লজিকেল থেৰাপি আৰু সকলো ৰোগীকে ৰিহেবিলিটেচন চেণ্টাৰৰ সহায়ত সুৰাপানৰ বৃদ্ধিৰ বিপক্ষে থাকি সজাগতা অভিযান আৰম্ভ কৰিছে।

You May Also Like

More From Author