এজন ব্যক্তিয়ে সদায় ভগৱানৰ ওচৰত প্রাৰ্থনা কৰি কৰি কৰি কৈছিল, ” হে ভগৱান, তুমি মোক ইমান দুখ আৰু কষ্ট পাবলৈ জন্ম কিয় দিছা , মোক কি কষ্ট পাবলৈহে এই ধৰালৈ পঠাই দিছা নেকি ; তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা ভগৱান, মোৰ আৰু এই পৃথিৱীত এক মিনিটো জীয়াই থকাৰ ইচ্ছা নাই “? এনেদৰে একো উপায় বুদ্ধি আৰু একো ফল নেপাই সেই ব্যক্তিজনে এদিন হঠাতে এজন যোগীৰ ওচৰলৈ গল আৰু তেওঁৰ ওচৰত নিজৰ সকলো দুখৰ কথা কৈ তেওঁৰ জীৱনৰ কিবা অৰ্থ আছেনে সুধিলে ।
যোগীয়ে লোকজনৰ কথাৰ কোনো উত্তৰ নিদি তেওঁৰ হাতত এটা পাথৰ তুলি দি কৈছিল, ” যোৱা তুমি এই পাথৰ বজাৰলৈ লৈ যোৱা আৰু ইয়াৰ মূল্য বিভিন্নজনৰ পৰা সুধি আহা, কিন্ত তুমি এই পাথৰ কেতিয়াও বিক্ৰী নকৰিবা ; আৰু যেতিয়া ঘূৰি আহিবা মই তেতিয়াহে উত্তৰ দিম তোমাৰ দুখভৰা জীৱনৰ মূল্য কিমান “। কথামতে লোকজনে পাথৰৰ টুকুৰা লৈ বজাৰলৈ ৰাওনা হ’ল আৰু পোন প্ৰথমে এজন নেমু বিক্রেতাৰ ওচৰলৈ গৈ সেই পাথৰৰ মূল্যৰ বিষয়ে সুধিলে ; নেমু বিক্রেতাই সেই পাথৰৰ বিনিময়ত এক ডজন নেমু দিবলৈ মান্তি হ’ল ।
তাৰ পিছত লোকজনে সেই পাথৰ লৈ এজন পাচলি বিক্রেতাৰ ওচৰ পালে আৰু সেই পাথৰৰ বিনিময়ত দাম কিমান দিব পাৰিব সুধিলে ; উত্তৰত পাচলি বিক্রেতাই সেই চকচকীয়া পাথৰৰ বিনিময়ত এক বস্তা আলু দিবলৈ সৈমান হ’ল। তাৰ পিছত লোকজন সেই পাথৰৰ টুকুৰা লৈ এখন সোনাৰীৰ দোকানলৈ গল আৰু তাতে গৈ পাথৰ দেখুৱাই তেওঁ সোনাৰীক একে প্ৰশ্নই কৰিলে। সোনাৰীয়ে ভালদৰে নিৰীক্ষণ কৰি পাথৰৰ মূল্য প্ৰায় দহ লাখ টকা হ’ব বুলি কলে।
লগতে সোনাৰী জনে পাথৰ টি কিনিবলৈ আগ্ৰহো দেখুৱাইছিল কিন্ত লোকজনে পাথৰ টি বিক্ৰী নকৰি এইবাৰ সেই পাথৰ লৈ এজন পাথৰ বিক্রেতাৰ ওচৰলৈ খোজ দিলে যিয়ে ভিন্ন ৰকমৰ পাথৰ বিক্ৰী কৰে , আৰু তেওঁৰ ওচৰলৈ গৈয়ো একে প্রশ্নই কৰিলে ; পাথৰ বিক্রেতাই খুব ভালদৰে বহুসময় ধৰি পাথৰ টি নিৰীক্ষণ কৰিলে আৰু শেষত সেই পাথৰ টি এখন ৰঙা কাপোৰৰ ওপৰত ৰাখি দিলে তাৰ পিছত তেওঁ আচৰিত হৈ লোকজনক প্ৰশ্ন কৰিলে , ” হে লোকজন তুমি এই পাথৰ কত পালা, এই পাথৰ কিনাৰ সামৰ্থ মোৰ নাই, কোটি টকা দিলেও এই পাথৰ পোৱা নাযায়, মোৰ গোটেই জীৱনৰ সঞ্চয় একগোট কৰিলেও মই এই পাথৰ কিনিব নোৱাৰিম , আনকি মোৰ জীৱন দিলেও এই পাথৰ কিনা মোৰ বাবে সম্ভৱ নহয় “। তাকে শুনি লোকজনে কিছু বিভ্ৰান্ত হৈ পাথৰ টি সযতনে লৈ ততাতৈয়াকৈ উধাতু খাই পুনঃ যোগীৰ ওচৰ পালে আৰু যোগীক সমগ্ৰ ঘটনাৰ বিবৰণী কলে।
কথা শুনি যোগীয়ে লোক জনক কলে যে ইয়াত একো আচৰিত হবলগীয় কথা একো নাই , কিয়নো বিভিন্ন মানুহে বিভিন্ন ধৰণে এ পাথৰৰ মূল্যায়ন কৰিছে কিন্তু শেষৰ লোকজনেহে কলে যে তেওঁৰ এই পাথৰ কিনাৰ সামৰ্থ নাই । তাৰ পিছত যোগীয়ে লোকজনক কলে, ” আমাৰ জীৱনৰো মূল্য তেনেকুৱাই সেই পাথৰৰ দৰে, কাৰোবাৰ ওচৰত তোমাৰ মূল্য একো নাই কিন্তু অইন কাৰোবাৰ বাবে জীৱনৰ মূল্য পৰিসীমাৰ বাহিৰত ; প্ৰত্যেক লোকৰে এটি এটি বিশেষ গুণ থাকে, কাৰোবাৰ আছে টকা, কাৰোবাৰ জ্ঞান অইন কাৰোবাৰ বুদ্ধি , কাৰোবাৰ যদি অহিংসা আৰু আন কাৰোবাৰ মাজত প্ৰেম আছে যিটো নিজে বুজা নাযায় ; আনেহে বুজে”।
যোগীয়ে আৰু কৈছিল যে নেমু বিক্রেতাই পাথৰৰ মূল্যই বুজা নাছিল কিন্তু বিপৰীতে পাথৰ বিক্রেতাৰ বাবে সেই পাথৰৰ মূল্য তেওঁৰ নিজৰ জীৱনতকৈ বেছি সেয়ে হতাশ আৰু আচৰিত হোৱাৰ কোনো কথা নাই। যোগীয়ে পুনৰ কৈছিল, ” তোমাৰ জীৱনৰ মূল্য নাই বুলি কিয় ভাবিলা, তুমি হতাশাত ভাঙি কিয় পৰিবা , তুমি ধৈৰ্য্য ধৰা অপেক্ষা তোমাৰ নহয় মাত্ৰ সময়ৰ এদিন তুমিও তেনে মানুহৰ সন্ধান পাবা যিয়ে তোমাৰ জীৱনৰো সঠিক মূল্য দিব”।