এই আঠটা বদ অভ্যাসৰ কাৰণে হ’ব পাৰে ‘বেক পেইন’

0 min read

বেক পেইন বা মেৰুদণ্ড আৰু পিঠিৰ বিষৰ অন্তৰালত ডাঙৰ কোনো ৰোগ বা সমস্যা জড়িত নাথাকিবও পাৰে। বহু সময়ত সামান্য কাৰণতেই হ’ব পাৰে মেৰুদণ্ডত বিষ। আপুনি যিমান স্বাস্থ্যবান কিম্বা সচেতন মানুহেই নহওক কিয়, এই সমস্যাত ভুগিব পাৰে আপুনিও। সেয়ে সময় থাকোতেই এই বিষয়বোৰত সাৱধানতা জৰুৰী। জানি লওক বেক পেইনৰ সম্ভাব্য কাৰণসমূহ।

আঠটা বদ অভ্যাসৰ কাৰণে হ’ব পাৰে বেক পেইন:

Back pain symptoms Feeling unwell with your back pain could be a warning sign 800789 | ASSAM TIMES POST

১. অনুপযোগী বা পুৰণি তুলিত শোৱা

ভাল তুলি ৮ৰ পৰা ১০ বছৰ ব্যৱহাৰ কৰিব পৰা যায়। আৰু যদি তাতকৈ বেছি সময় আপুনি কোনো তুলি ব্যৱহাৰ কৰে তেতিয়াহ’লে তাৰ কিছু অংশ অতিৰিক্ত টান বা নৰম হৈ যাব পাৰে। ইয়াৰ ফলত তুলিখনে আপোনাৰ দেহৰ ভৰ বহনত অনুপযোগী হৈ যাব পাৰে। এই সমস্যা সমাধানত আপোনাৰ অনুপযোগী বা পুৰণি তুলি সলনি কৰি এনেকুৱা তুলি ল’ব লাগিব, যি খুব বেছি টানও নহয় নৰমো নহয়।

২. ওজন থকা বেগ বহন

আপোনাৰ যদি সদায় ওজন থকা বেগ বহন কৰাৰ অভ্যাস থাকে তেতিয়াহ’লে সেইটোও মেৰুদণ্ডৰ বিষৰ কাৰণ হ’ব পাৰে। বিশেষকৈ এখন কান্ধত ভাৰী বেগ বহন কৰাৰ অভ্যাস সৃষ্টি কৰিলে সি আপোনাৰ দেহৰ আৰু মেৰুদণ্ডৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। মেৰুদণ্ডৰ এই বিষৰ পৰা ৰেহাই পাবলৈ পাতল বেগ বহন কৰিব লাগিব। নিজৰ দেহৰ ওজনৰ ১০ ভাগৰ এক ভাগ পর্যন্ত ওজন বহন কৰিব পৰা যায়, ইয়াতকৈ বেছি নহয়।

৩. অতিৰিক্ত ওখ হিল বা ফ্লেট জোতাতা পিন্ধা

অতিৰিক্ত ওখ হিল বহুতৰ পিঠিৰ বিষৰ বাবে দায়ী। দেহৰ জোৰাসমূহত চাপ সৃষ্টিৰ ফলত এই বিষৰ উদ্ভব ঘটে। অৱশ্যে আপোনাৰ ভৰিৰ ধৰণৰ ওপৰত নির্ভৰ কৰি ফ্লেট জোতাও পিঠিৰ বিষৰ কাৰণ হ’ব পাৰে। প্রত্যেকৰে ভৰিৰ নিজস্ব ধৰণ থাকে। পৰীক্ষাৰ বাবে সামান্য হিলযুক্ত জোতা পিন্ধি চাব পাৰে যে সেয়া আপোনাৰ ভৰিৰ সৈতে মিলিছেনে নাই।

৪. অসন্তুষ্টি

এক গৱেষণাত দেখা গৈছে, যিসকলৰ আনক ক্ষমা কৰি দিয়াৰ অভ্যাস আছে তেওঁলোক মানসিক চাপজনিত নানা ৰোগত কমকৈ ভোগে। আৰু তেওঁলোকৰ মাজত হতাশা, খং আৰু শাৰীৰিক বিষ কম হয়। আপোনাৰ আবেগ আৰু মানসিক অৱস্থাৰ প্রভাৱ পৰে মাংসপেশীতো। আৰু ইয়াৰ পৰাই হ’ব পাৰে পিঠিৰ বিষ।

৫. গোটেই দিন বহি থকা

যিসকলে সমগ্ৰ দিন চকীত বহি কাম কৰে তেওঁলোকৰো হ’ব পাৰে পিঠিৰ বিষ। বহুতেই কম্পিউটাৰৰ সন্মুখত বহি থাকিলেও ব্যৱহাৰৰ সঠিক নিয়ম নাজানে। ইয়াৰ ফলত পিঠিৰ মাংসপেশীসমূহৰ ওপৰত চাপ পৰে। ইয়াৰ উপৰি বহি থাকিলে থিয় হৈ থকাৰ তুলনাত মেৰুদণ্ডত ৫০ ভাগ অতিৰিক্ত চাপ পৰে। আপোনাৰ অফিচত যদি থিয় হোৱাৰ সুযোগ নাথাকে তেতিয়াহ’লে ১৩০ ডিগ্রি কোণত হেলান দি বহি কাম কৰিব পাৰে। ইয়াত মেৰুদণ্ডৰ ওপৰত চাপ কমিব। ইয়াৰ উপৰি আপোনাৰ মূৰ যেন চিধা থাকে, সেই বিষয়তো খেয়াল ৰাখিব লাগিব।

৬. মানসিক চাপ

আপুনি যদি অতিৰিক্ত চাপ লৈ কাম কৰে, তেতিয়াহ’লে আপোনাৰ সম্পূর্ণ দেহ তাৰ ভুক্তভোগী হ’ব। ইয়াৰ ফলত আপোনাৰ কোমল মাংসপেশীৰ পৰা আৰম্ভ কৰি পিঠিৰ কঠিন মাংসপেশীসমূহেও বিশ্রাম পোৱাৰ সুযোগ নাপায়। আৰু ইয়াতেই আৰম্ভ হ’ব পাৰে পিঠিৰ বিষ। অৱশ্যে এই সমস্যা সমাধানত শাৰীৰিক অনুশীলন আৰু মেডিটেচনৰ দৰে নানা উপায় আছে।

৭. শাৰীৰিক পৰিশ্রম নকৰা

সীমিত মাত্রাত শাৰীৰিক পৰিশ্রম আৰু অনুশীলন সকলোৱেই কৰা উচিত। আৰু এই ন্যূনতম শাৰীৰিক অনুশীলন নকৰিলে আপোনাৰ নানা সমস্যা হ’ব। এই সমস্যাৰ এটি হ’ল বেক পেইন। এই ধৰণৰ বিষ হ’লে পিঠি আৰু পেটৰ ব্যায়ামসমূহ কৰিব লাগিব।

৮. অতিৰিক্ত ‘জাংক ফুড’,

অতিৰিক্ত কেলৰিসমৃদ্ধ আৰু কম পুষ্টিমানৰ খাদ্য খালে সি দেহৰ ওজন বঢ়াই তোলে। ইয়াৰ ফলত মেৰুদণ্ডৰ ওপৰত অতিৰিক্ত চাপ পৰে আৰু তাতে বিষৰ সৃষ্টি হয়। অতিৰিক্ত ওজনৰ ব্যক্তিসকলৰ অস্টিওআথ্রাইটিছৰ আশঙ্কা বেছি থাকে। কিন্তু শৰীৰৰ ওজন ৫ৰ পৰা ১০ শতাংশ কমালেও ইয়াত উপকাৰ পোৱা যায়।

You May Also Like

More From Author