Checque Bounce: সকলোৱে নিজৰ পইচা বেংকত জমা কৰে। বেংকৰ পৰা পইচাৰ লেনদেন হয়। যদি আপোনাৰ চেকবুক আছে আৰু আপুনি চেকেৰে লেনদেন কৰে, তেন্তে এই খবৰটো কেৱল আপোনাৰ বাবে।
নিয়ম অনুসৰি যদি আপোনাৰ চেক বাউন্স হয়, তেন্তে ইয়াৰ বাবে আপুনি জৰিমনা বিহাৰ লগতে কেইবছৰমানৰ কাৰাদণ্ডৰ শাস্তি পাব পাৰে। কাৰোবাৰ হাতত চেক এখন গতাই দিয়াৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা আছে, যিবোৰ আমি এই লেখাত উল্লেখ কৰিছোঁ, সেইবোৰ জানি থোৱা ভাল। যাতে জৰিমনা এৰাই চলিব পাৰে।
চেক বাউন্সৰ বাবে শাস্তিঃ
চেক বাউন্সৰ ক্ষেত্ৰত জৰিমনা হিচাপে একাউণ্টৰ পৰা ধন কৰ্তন কৰা হয়। যদি আপোনাৰ চেক বাউন্স হৈছে, তেন্তে আপুনি ঋণীক এই বিষয়ে অৱগত কৰিব লাগিব। সেই ব্যক্তিজনে আপোনাক এমাহৰ ভিতৰত ধন দিব লাগিব। যদি তেওঁ এমাহৰ ভিতৰত ধন নিদিয়ে তেন্তে তেওঁক আইনী জাননী প্ৰেৰণ কৰিব পাৰে। জাননী প্ৰেৰণ কৰাৰ পিছতো যদি তেওঁ ১৫ দিনলৈকে কোনো সঁহাৰি নিদিয়ে, তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে Negotiable Instrument Act 1881ৰ ১৩৮ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিব পৰা যায়।