দাঁত হালধীয়া হৈছে নেকি? দাঁতৰ বগা ৰং পুনৰ ঘূৰাই আনিবলৈ ঘৰুৱা উপায়…

1 min read

দাঁত হালধীয়া হৈছে নেকি? দাঁতৰ বগা ৰং পুনৰ ঘূৰাই সৌন্দৰ্য্যৰ অন্যতম মাপকাঠী। কেৱল সৌন্দৰ্য্যই নহয়, সুস্বাস্থ্য, উপযুক্ত পুষ্টিও দাঁতৰ ওপৰত নিৰ্ভৰ কৰে। দাঁতৰ স্বাস্থ্যৰ ওপৰত শৰীৰৰ বাকী অংশৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু কেতিয়াবা সেই দাঁতকেইটাৰে আমি কষ্ট পাব লগা হয়। ইয়াৰে এটা হৈছে দাঁত হালধীয়া হোৱা।

দাঁতবোৰ প্ৰথমে জিলিকি থকা বগা হ’ব লাগে। কিন্তু বহু সময়ত দাঁতত দাগ গঢ় লৈ উঠে। কেতিয়াবা বগাৰ পৰা হালধীয়ালৈ পৰিণত হয়। বিভিন্ন কাৰণত এনে হ’ব পাৰে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। ঘৰুৱা পদ্ধতিৰে বগা দাঁতবোৰ আগৰ দৰে ঘূৰাই আনিব পাৰি অতি সহজে।

নিয়মিত ব্ৰাছ:
দিনটোত দুবাৰকৈ ব্ৰাছ কৰিব লাগে। ৰাতিপুৱা আৰু ৰাতি শুই উঠাৰ আগতে। ইয়াতকৈও বেছি সঠিকভাৱে ব্ৰাছ কৰাৰ প্ৰয়োজন। যিকোনো আঠাযুক্ত, চেনিযুক্ত খাদ্য খোৱাৰ পিছত ব্ৰাছ কৰাটো ভাল। কিন্তু এচিডিক খাদ্য খোৱাৰ পিছত লগে লগে ব্ৰাছ নকৰিব।

বেকিং চ’ডা:
খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা বেকিং ছ’ডা ব্যৱহাৰ কৰি সহজে দাঁত পৰিষ্কাৰ কৰিব পাৰি। ২০১৭ চনত জাৰ্নেল অৱ দ্য আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনত প্ৰকাশিত এক গৱেষণা পত্ৰত দাবী কৰা হৈছে যে সামান্য পৰিমাণৰ বেকিং ছ’ডাৰে দাঁত ব্ৰাছ কৰিলে সহজেই দাগ আঁতৰি যায়।

নিমৰ পাত:
বহুতে নিম পাত ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰে। নিম পাত ইয়াৰ এন্টিবেক্টেৰিয়েল গুণৰ বাবে দাঁতৰ বাবে উপকাৰী।

অমিতা, নেমু:
অমিতাত থকা ৰাসায়নিক পদাৰ্থই দাঁত পৰিষ্কাৰ কৰিব পাৰে। লগতে নেমুও একে কাম কৰে। নেমুৰ ৰস আৰু খোলাৰে দাঁত ব্ৰাছ কৰিলেও দাঁতৰ দাগ আঁতৰ হয়।

(Disclaimer: এই লেখাটোত উল্লেখিত পদ্ধতিসমূহ কেৱল পৰামৰ্শমূলক। প্ৰয়োজনীয় চিকিৎসা / খাদ্যাভ্যাস মানি চলিবলৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।)

You May Also Like

More From Author