এনেকুৱা হোৱাৰ দুটা কাৰণ থাকিব পাৰে। এক ‘ডন ফেনোমেনা’ বা দুই ‘ছিমোজি এফেক্ট’। জানি লওক সেইসমূহ কি?
অধিক সংখ্যক মানুহে মাজনিশা টোপনিৰ পৰা উঠি হয় এগিলাছ পানী খায় বা বাথৰুমলৈ যায়। তাৰ পিছত পুনৰ টোপনিত পৰে। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত এই কাম কৰাটো কিছু কঠিন হয়। তেওঁলোকৰ অধিক সংখ্যকৰে দৈনিক নিশা ঠিক একে সময়তে টোপনি ভাঙে। এনেকুৱা হোৱাৰ দুটা কাৰণ থাকিব পাৰে। এক ‘ডন ফেনোমেনা’ বা দুই ‘ছিমোজি এফেক্ট’। জানি লওক সেইসমূহ কি?
গ্লুক’জৰ পৰা শক্তি তৈয়াৰ কৰে শৰীৰে। পুৱা টোপনিৰ পৰা উঠিও শক্তিৰ প্ৰয়োজন হয়। সেয়ে এই শক্তি তৈয়াৰৰ কাম আৰম্ভ হয় পুৱাৰে পৰা। লগতে, কাৰ্টিছোল, কেটেকোলামাইন আৰু আন হৰমনৰ ক্ষৰণ নিশা ২টা বজাৰ পৰা ৩টাৰ ভিতৰত আৰম্ভ হৈ যায়। যাতে পিছৰ দিনটোৰ বাবে শৰীৰটো প্ৰস্তুত হ’ব পাৰে। তাৰ ফলত লিভাৰ আৰু কিছু গ্লুক’জ তৈয়াৰ কৰে যিটো তেজত মিহলি হৈ যায়। এই সকলো যেতিয়া হয়, তেতিয়ালৈ আগৰ দিনৰ ডায়েবেটিছৰ ঔষধৰ প্ৰভাৱ কমি আহিবলৈ আৰম্ভ কৰে। সেয়ে এই সময়ত হঠাৎ তেজৰ শৰ্কৰাৰ মাত্ৰা বহুখিনি বাঢ়ি যায়। সেয়ে টোপনি ভাঙি যাব পাৰে।
ছিমোজি এফেক্টৰ আৰু এক নাম ৰিবাউণ্ড হাইপাৰগ্লাইছেমিয়া। টোপনিৰ মাজত বহু সময়ত তেজৰ শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে কমি যায়। সেই মাত্ৰা ঠিক কৰিবলৈ শৰীৰত এনে কিছু হৰমনৰ ক্ষৰণ হয়, যিয়ে লিভাৰক বাধ কৰায় আৰু কিছু গ্লুক’জ এৰিবলৈ। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত লিভাৰে কিছু বেছি পৰিমাণে গ্লুক’জ তেজত এৰি দিয়ে, যাৰ বাবে পুৱাৰ ফাললৈ তেজৰ শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায় আৰু টোপনি ভাঙি যায়। এনে সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
ইয়াৰ উপৰি আৰু কেইবাটাও উপসৰ্গৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। হঠাৎ কাণেৰে কমকৈ শুনা আৰম্ভ কৰিছে নেকি? বহুতে ভাবে বয়স বৃদ্ধিৰ লগে লগে এনে হয়। কিন্তু কাণেৰে কম শুনা ডেয়েবেটিছৰো লক্ষণ হ’ব পাৰে। যদি দেখিছে যে টিভি চোৱাৰ সময়ত ভলিউম ক্ৰমশঃ বঢ়াবলগা হৈছে, নহ’লে নুশুনা হৈছে, তেন্তে সাৱধান হওক। নেচনেল ইনষ্টিটিউট অব হেল্থৰ তথ্য অনুসৰি, প্ৰি–ডায়েবেটিকৰ কাৰণে শ্ৰৱণশক্তি কমি যাব পাৰে।
বয়সৰ কাৰণে ছালত বয়সৰ ৰেখা দেখা দিয়াটো স্বাভাৱিক। কিন্তু যদি কলা বা বেঙুনীয়া দাগ দেখা যায় ছালত, বা কোনো অংশ ক’লা হৈ যায় তেন্তে জানিব যে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা অধিক।
ডায়েবেটিছৰ প্ৰভাৱত শৰীৰৰ ৰক্ত সঞ্চালনত ব্যাঘাত জন্মিব পাৰে। যাৰ ফলত ছাল শুকান হৈ পৰিব পাৰে। যদি মইশ্চাৰাইজাৰ আৰু ক্ৰীম লগোৱাৰ পিছতে ছাল শুষ্ক হৈ থাকে তেন্তে চিকিৎসকৰ কাষ চাপি ডায়েবেটিছ পৰীক্ষা কৰক।
শ্ৰৱণশক্তি কমি যোৱাৰ দৰেই ডায়েবেটিছৰ কাৰণে দৃষ্টিশক্তিও কমিব পাৰে। ডায়েবেটিছত আক্ৰান্ত হ’লে শৰীৰত ফ্লুইডৰ মাত্ৰাৰ পৰিৱৰ্তন হয়। যাৰ ফলত দৃষ্টিশক্তিত প্ৰভাৱ পৰিব পাৰে।