ৰাতিপুৱা শুই উঠি এইবোৰ বস্তু দেখিলে ভাগ্য মুকলি হয়, জানি লওঁক

1 min read

দিনটোৰ আৰম্ভণি ভাল হয় তেন্তে গোটেই দিনটো ভালদৰেই যায়। প্ৰতিটো কামতে সফলতা থাকে৷ জ্যোতিষশাস্ত্ৰ মতে পুৱা শুই উঠি দেখা কিছুমান বস্তুক অতি শুভ বুলি গণ্য কৰা হয়। জানি লওঁক পুৱা কোনবোৰ বস্তু দেখিলে শুভ হয়৷

ৰাতিপুৱা চকু মেলিলেই যদি চৰাইৰ চিঞৰ-বাখৰ শুনা পায়, তেন্তে সেয়া অতি ভাল লক্ষণ। তেতিয়া গোটেই দিনটো ভালকৈয়েই যায়, আৰু কামতো সফলতা থাকে।
পুৱা নাৰিকল বা শংখ দেখাটোও অতি শুভ। ভগৱান বিষ্ণুৰ হাতত সদায় শংখ থাকে। একে সময়তে মাতৃ লক্ষ্মীয়েও শংখটোক বৰ ভাল পায়। পুৱা যদি শংখ দেখা পায়, তেন্তে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ কৃপাত ভাগ্যৰ দুৱাৰ খোল খায়।

পুৱা ঘৰৰ পৰা ওলাই অহাৰ লগে লগে যদি গাখীৰেৰে ভৰা পাত্ৰ দেখা পায়, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এয়া মা লক্ষ্মীৰ কৃপাৰ চিন। জীৱনত ধন-সম্পত্তি আৰু সমৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। জীৱনত সুখ কঢ়িয়াই আনে।

ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কোনোৱে ঝাড়ু দিয়া দেখা পালে সেয়া অতি ভাল লক্ষণ৷ এইয়া লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ চিন। যদি আপুনি কোনো মহিলাক ঝাড়ু দিয়া দেখিছে, তেন্তে আপুনি কামত সফলতা লাভ কৰিব।

You May Also Like

More From Author