মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?

0 min read

হঠাৎ আমাৰ চকুৰ পতা কেতিয়াবা কঁপি উঠে । দুয়োটা চকুৰ ক্ষেত্ৰতে এনেকুৱা কঁপনি হ’ব পাৰে । কেতিয়াবা এয়া কিছু মুহূৰ্তৰ বাবে দেখা যায়, কেতিয়াবা আকৌ দীৰ্ঘসময় হ’ব পাৰে । কিন্তু এয়া শৰীৰৰ বাবে ক্ষতিকাৰক হয় নেকি ?

ক্ৰমাগতভাৱে এয়া হৈ থাকিলে স্নায়ুৰ সমস্যাৰ উপসৰ্গ বুলি ধৰিব পাৰি । কিন্তু এয়া ঘনাই হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

কিয় এনে হয় ?

এই সমস্যাৰ কোনো কাৰণ নাই । শাৰীৰিক, মানসিক, স্নায়বিক এই তিনিটাৰ যিকোনো এটা কাৰণত চকুৰ পতা কঁপিব পাৰে ।

চিকিৎসকৰ মতামত অনুসৰি, চকুৰ পতা কঁপাৰ মূল কাৰণ ক্লান্তি । শৰীৰৰ ক্লান্তিৰ বাবেই চকুৰ পতা মাজে মাজে কঁপে ।

ইয়াৰ উপৰি মানসিক উদ্বেগ, টোপনি কম হোৱা, ঘনাই ধূমপান, অতিৰিক্ত কফি পান, দীৰ্ঘ সময় কম্পিউটাৰৰ ফালে চাই থকা আদি কাৰণতো চকুৰ পতা কঁপিব পাৰে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

You May Also Like

More From Author