দুবছৰৰ অনলাইন ক্লাছে তেওঁলোকৰ চকুৰ স্বাস্থ্য বিঘ্নিত কৰিছে! চাওক শিশুৰ চকু ভালে ৰাখিবলৈ তেওঁলোকৰ খাদ্য তালিকাত কি ৰাখিব। (Foods to improve the eyesight)
শিশুসকলৰ চকুত চশমা এতিয়া খুবেই পৰিচিত দৃশ্য। দুবছৰৰ অনলাইন ক্লাছে তেওঁলোকৰ চকুৰ স্বাস্থ্য বিঘ্নিত কৰিছে! চাওক শিশুৰ চকু ভালে ৰাখিবলৈ তেওঁলোকৰ খাদ্য তালিকাত কি ৰাখিব।
গাজৰ হ’ল ভিটামিন চিৰ অন্যতম শ্ৰেষ্ঠ উৎস। ইয়াৰ উপৰি এই পাচলিত আছে ভিটামিন বি, কে আৰু চি। লগতে আছে প্ৰচূৰ পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম।
ভিটামিন চিৰে ভৰপূৰ কমলাই ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। চকুৰ স্বাস্থ্যৰ বাবেও কমলা খুব উপকাৰী।
গৰমত কমলা পোৱা নাযায়। সেয়ে শিশুক দিয়ক মৌচুমী। শৰীৰ ঠাণ্ডা থকাৰ উপৰি চকুল ভালে থাকিব।
ভিটামিন চি সমৃদ্ধ আমলখি স্বাস্থ্যৰ বাবে খুব উপকাৰী। ৰেটিনাৰ একাধিক সমস্যা নিয়ন্ত্ৰণ কৰে এই ফলবিধে।
শীতত প্ৰচূৰ পালেং শাক ওলায় বজাৰত। শিশুক এই শাক খুৱাবলৈ নাপাহৰিব। এই শাকৰ ফলিক এচিডে অপটিক নাৰ্ভ ভালে ৰাখে।
ৰঙা আলুত আছে বিটা কেৰটিন আৰু ভিটামিন এ। চকুৰ স্বাস্থ্যৰ বাবে এই দুই উপাদান খুব উপকাৰী। বিটা কেৰটিনে দৃষ্টিশক্তি উন্নত কৰে। ভিটামিন এই নিয়ন্ত্ৰণ কৰে ৰেটিনা সংক্ৰান্তীয় সমস্যা।