গুৱাহাটীৰ স্পাত কেনেকৈ আৰু কোনে চলাইছিল অবৈধ দেহ ব্যৱসায় !

1 min read

গুৱাহাটী মহানগৰীৰ একাংশ বিউটি পাৰ্লাৰৰ স্পাত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱা বিষয়ে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰচাৰ হোৱাৰ পিছতে থৰকাছুটি হেৰাইছে মহানগৰ আৰক্ষীৰ ৷

গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে অবৈধ নাৰী দেহ ব্যৱসায়ৰ অন্যতম মাষ্টাৰ মাইণ্ড জোনমণি দাস সহ তেওঁৰ কে’বা গৰাকী সতীৰ্থ ৷

আনহাতে জোনমণিৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে ক্ৰাইম ব্ৰাঞ্চে যোৰহাটত অভিযান চলাই আটক কৰে আন এগৰ মহিলাক ৷ ধৃত মহিলা গৰা নাম পল্লৱী দাস ৷

প্ৰাপ্ত তথ্য মতে আটকাধীন পল্লৱী দাসেই মহানগৰীৰ বিভিন্ন স্পালৈ গোপনে যোগান ধৰিছিল যুৱতী৷ ধৃত পল্লৱীক জেৰাত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৷

You May Also Like

More From Author