*বটা বা শৰাইত তামোল-পান এযোৰ যেন অসমীয়াৰ অনন্য পৰিচয়।গুৱা,তামোল পাণ,খিলি আদি নামেৰে-জনা ই অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ।
*অসমৰ বহু লোকেই ভাত খাই উঠি-এখন তামোল পাণ নোখোৱাকৈ থাকিব নোঁৱাৰে।তাৰে মাজত আৰু কিছু লোকে আকৌ অত্যাধিক মাত্ৰাত খাই এই মুখৰোচক বিধ।
*পাচে এই তামোল পাণ অত্যাধিক খালে-ইয়াৰ ফলত বহু ক্ষতি হব পাৰে।
*অতীজৰেপৰা তামোল-পাণৰ অলৌকিক গুণ থকা বুলি কোৱা হৈছে।অসমৰ গ্ৰাম্য জীৱনত তামোলৰে মন্ত্ৰ কৰাকে-আহুদি কৰা বুলি কোৱা হৈছিল।
*এই তামোল পাণৰে-উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে।
*তামোল পাণৰ উপকাৰিতা-
*অসমৰ বহুতো বন-দৰৱত তামোল পাণ আৱশ্যকীয় উপাদান। *অসমৰ বেজ-কবি ৰাজ সকলে-পেটৰ বিষ,দাঁতৰ বিষ-আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল।
*তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰিছিল।
*তামোল পাণে হজম শক্তি বঢ়ায়।
*তামোল পাণে-মুখৰ দুৰ্গন্ধ আঁতৰাই।
*তামোল পাণক মুখ শুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়।
*আগৰ দিনত তামোল-পাণৰ সৈতে চূণ একেলগে কৰি-খুন্দনাত খুন্দি তাৰ ৰসেৰে-কাপোৰত ৰং দিয়া হৈছিল।
*তামোল-পাণৰ অপকাৰিতা-
*কেঁচা তামোলত থকা এৰকেলনিক এচিডৰ পৰিমাণ বেছি পোৱা যায়।সেয়ে-কেঁচা তামোল খালে-সহজে মূৰত ধৰে।
*তামোলত থকা এৰকেলনিক এচিডে হৃদপিণ্ডৰ কাৰ্য্য বৃদ্ধি কৰি শৰীৰৰ সিৰা-উপসিৰাৰে ৰক্ত সঞ্চালন তীব্ৰ কৰি তোলে।
*তামোলে মগজুলৈ যোৱা ৰক্ত ধমনী আৰু ৰক্তনলীকাসমূহ সংকুচিত কৰি তেজ চলাচলৰ গতি কমাই দিয়ে।
*তামোলে মূৰত ধৰাৰ ফলত-কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্ত হব পাৰে।
*তামোল অধিক পৰিমাণে-খালে মুখ-গহ্বৰত-কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে।উত্তৰ পূৱত-কেঞ্চাৰত আক্ৰান্ত হোৱা লোকৰ ভিতৰত কিছুমান কাৰণ-তামোল পানৰ অত্যধিক সেৱন।
*তামোলত-
এৰকলনিক,টেনিন,
কেটিকেল,গেলটেনিক-আদি এচিড থকাৰ বাবে-তামোল বিষাক্ত।(সংগ্ৰহিত)।