মধ্য প্ৰদেশৰ ৰেৱা জিলাত এটা আচৰিত ঘটনা সংঘটিত হৈছে। য’ত এজনী ছোৱালীয়ে নিজৰ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ অস্বীকাৰ কৰাত প্ৰেমিকে ক্ষোভতে ভয়ংকৰ শাস্তি প্ৰদান কৰে। ইয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ক্ষেত্ৰত, আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি তদন্ত চলাই আছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, প্ৰেমিকজনে তেওঁৰ প্ৰেমিকাক গাওঁখনৰ এটা নিৰ্জন ৰাস্তাত আধামৰা অৱস্থাত এৰি থৈ যায়। আৰক্ষীয়ে আৰু জানিবলৈ দিয়ে যে, “প্ৰেমিকাগৰাকীয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰাত ল’ৰাজনৰ খং উঠে আৰু এক ভয়ংকৰ পদক্ষেপ লয়।
প্ৰেমিক-প্ৰেমিকাৰ যুঁজৰ সময়ত ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় লোকে ছোৱালীজনীক ল’ৰাজনৰ কবলৰ পৰা উদ্ধাৰ কৰে। স্থানীয় ৰাইজে আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ছোৱালীজনীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছোৱালীজনীয়ে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাই। কিন্তু, প্ৰেমিকজনে মাৰপিট কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। সমগ্ৰ বিষয় সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক অনিল সোনকাৰে কয় যে, “যুঁজৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত গোচৰটো পঞ্জীয়ন কৰিছে। মূল অভিযুক্তৰ সন্ধান চলি আছে। অভিযুক্ত যুৱকজনৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে। মূল অভিযুক্তক বিচাৰি। আৰক্ষীয়ে সোনকালে অভিযুক্তজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব।”