দীৰ্ঘায়ু হবলৈ আজিয়ে ত্যাগ কৰক ৪টা বিশেষ ক্ৰটি-

1 min read

প্ৰাণৱন্ত সকলোৱে নিজৰ জীৱনত সুস্থৰূপে কিছুসময় হলেও বেছিকৈ থকাৰ হাবিয়াস কৰে।কিন্ত জ্ঞাত বা অজ্ঞাত কিছু কৰ্মৰ ফলতে মানুহৰ এনে হাবিয়াস বহুক্ষেত্ৰত সম্পূৰ্ণ হৈ নপৰে।১৮খন পুৰাণৰ ভিতৰত থকা গৰুড় পুৰানে এনে কিছু কৰ্মত বাধ্যবাধকতা প্ৰদান কৰিছে যিবোৰে মানৱ জীৱনৰ আয়ুস ক্ৰমান্বয়ে কম কৰি তোলে।এনে কৰ্মবোৰ হল-

১)প্ৰভাতত শোৱাপাটী এৰা-সূৰ্য্য উদয়ৰ আগতে শোৱাপাটী এৰি কিছু সময় খোজ কাঢ়িলে শুদ্ধ বতাহ পোৱাৰ লগতে সূৰ্য্যৰ পৰা নিৰ্গত প্ৰথম কিৰণে ভাল ফল দিয়ে বুলিও গৰুড় পুৰাণত পোৱা যায়।গতিকে ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে মন-মগজু স্থিৰ হোৱাৰ উপৰিও আমি অজানিতে আয়ুস বৃদ্ধি কৰিবলৈ সক্ষম হওঁ

২)ৰাতিৰ পৰিবৰ্তে দিনৰ ভাগত দৈ সেৱন কৰা-চুলি, ছাল আদি বিভিন্ন অংগৰ বাবে দৈ অতি দৰকাৰী।তদুপৰি ডায়েটিচিয়ানৰ মতে পাচন ক্ৰিয়া সুচল কৰাত দৈয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও ৰাতি দৈ সেৱন স্বাস্থ্যৰ বাবে মাৰাত্মক বুলি বিবেচনা কৰা হয়।দৈ ত থকা এচিডে শৰীৰত সহজে গেছৰ সৃষ্টি কৰে।যিয়ে ব্যক্তিজনৰ শোৱাৰ লগতে সকলো কামতে সমস্যাৰ সৃষ্টি কৰিব।

৩)মৃতকৰ জুইৰ পৰা নিলগত থকা-আপোনা
জনৰ মৃত্যুৱে চকুলো দিয়ে যদিও মৃতকৰ জুই আৰু ধোঁৱাৰ পৰা দূৰত থকাটো আমাৰ বাবে পৰম মংগল।কাৰণ এজন ব্যক্তিৰ মৃত্যুৰ পিছতে দেহত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ উদ্ভৱ হয়।যিবোৰ জীৱন্ত লোকৰ শৰীৰত উশাহ নিশাহৰ দ্বাৰা প্ৰৱেশ কৰিব পাৰে আৰু এবাৰ প্ৰৱেশ কৰাৰ পিছতে ব্যক্তিৰ শৰীৰ দুৰ্বল কৰি তোলে।সেয়েহে মৃতদেহ সৎকাৰ কৰোঁতে যাতে এনে বেক্টেৰিয়াবোৰে নিৰ্গত ধোঁৱাৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ।

৪)বাহী আমিষ খাদ্য পৰিহাৰ-মাছ,মাংস,কণী আদিৰ প্ৰতি বেছি সংখ্যাত লোক আসক্ত হয় লগতে বেছিকৈ কিনি আনি ফ্ৰীজত ৰাখি বহু দিন ব্যৱহাৰ কৰা দেখা যায়।কিন্তু সেইয়া স্বাস্থ্যৰ বাবে মুঠেই যোগ্য বুলি বিবেচিত নহয়।কাৰণ ফ্ৰীজৰ খাদ্যত বেক্টেৰিয়া উৎপন্ন হয় যিয়ে
পাচন প্ৰক্ৰিয়াৰ পাৰ্শক্ৰিয়া কৰিব পাৰে।তদুপৰি প্ৰয়োজনীয় পুষ্টিসমূহ গৰম কৰিলে বিষাক্ত হৈ পৰে।

You May Also Like

More From Author