মিঠা খাব মন গ’লেই মনত নানা প্রশ্ন উদয় হয় । কোনোৱে ভাবে, ছুগাৰ বাঢ়িব নেকি ? কোনোৰ ভয়, চেনি খালে ওজন বাঢ়ি যাব । চাহ, কফিৰ কাপত যদি চেনি বাদো দিয়া হয়, তৎস্বত্ত্বেও দৈনন্দিন বহু খাদ্যত চেনি থাকে । বিশেষকৈ উৎসৱৰ বতৰত কেক, পায়স, আইচক্রিম বা প্রিয় মিঠাইৰ মাধ্যমত নিতৌ কম-বেছি পৰিমাণে চেনি খোৱা হয় ।
আমাৰ দেশত চেনি কুঁহিয়াৰৰ পৰা চেনি প্ৰস্তুত কৰা হয় । সাধাৰণতে সেইটো কিন্তু খুব বেয়া নহয় । কিন্তু অধিক চেনি খালে ডায়েবেটিছ আৰু মেদবহুলতা সমস্যাত ভোগা ৰোগীৰ সমস্যা বাঢ়ি যাব পাৰে ।
সেয়ে এতিআ অনেকেই চেনিৰ বিকল্প হিচাপে গুড় বা মৌ খায় । ঘৰত কিবা মিঠা তৈয়াৰ কৰিব ল’লেও বহু সময়ত চেনি নে গুড়, কিহেৰে বনাব, তাক লৈ দ্বন্দ্ব আৰম্ভ হয় ।
এচামুচ চেনিত কম-বেছি পৰিমাণে ৪৫ কেলৰি থাকে । সমপৰিমাণে গুড়তো কেলৰিৰ পৰিমাণ একেই । অৰ্থাৎ কেলৰিৰ দিশৰ পৰা ভাবিলে গুড় আৰু চেনিৰ বিশেষ কোনো পাৰ্থক্য নাই ।
অৱশ্যে গুড়ৰ এনে কিছু গুণ আছে, যি বিশেষ ক্ষেত্রত কামত আহিব পাৰে । যেনে, গুড়ত আয়ৰনৰ পৰিমাণ অধিক । সেয়ে এনিমিয়া বা ৰক্ত অল্পতাত ভুগিলে গুড় বেচ উপকাৰী ।
পুষ্টিবিদসকলৰ মতে, প্রাকৃতিকভাৱে চেনিৰ বিকল্প যদি ভাবিছেই, তেন্তে গুড়তকৈও ভাল বিকল্প মজুত আছে হাতৰ মুঠিতেই — মৌ । কেলৰিৰ দিশৰ পৰা প্রায় একেই হ’লেও মৌৰ গঠন কিছু পৃথক ।
সেয়ে চেনিতকৈ মৌৱে যথেষ্ট ধীৰ গতিত তেজত শর্কৰাৰ মাত্রা বৃদ্ধি কৰে । তদুপৰি মৌত চেনিৰ তুলনাত খনিজ পদার্থ আৰু এন্টি-অক্সিডেন্টো অধিক পৰিমাণে থাকে ।
অৱশ্যে ডায়েবেটিছ বা মেদবহুলতা সমস্যা থাকিলে ইয়াৰ কোনোটোৱেই বিশেষ উপযোগী নহয় । সেয়ে কি খাব, কিমান খাব, সেয়া নিশ্চিতকৈ জানিবলৈ পৰামর্শ ল’ব লাগিব চিকিৎসকৰ পৰাই ।