কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ।
পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী হোৱাৰ পাছত তেওঁলোকে পাপত জুইত বুৰ গৈছিল। কাৰণ তেওঁলোকৰ হাতত বহুতো লোকের প্ৰাণ হেৰুৱাব লগা হৈছিল। এই পাপৰ পৰা মুক্ত হবলৈ পঞ্চ পাণ্ডৱে শিৱৰ দৰ্শন লাভ কৰি আৰ্শীবাদ লব বিচাৰিছিল। কিন্তু শিৱই পঞ্চ পাণ্ডৱক দেখা দিব বিচৰা নাছিল।
পঞ্চ পাণ্ডৱে যাতে শিৱক কেতিয়াও দেখা নাপায়, তাৰবাবে কৈলাশৰ পৰা আহি কেদাৰ শৃংগত বাস কৰিছিল। কিন্তু পঞ্চ পাণ্ডৱে শিৱক বিচাৰি বিচাৰি আহি কেদাৰ শৃংগত উপস্থিত হৈছিল। তাত পঞ্চ পাণ্ডৱক দেখা পায়, শিৱই ম’হৰ ৰূপ ধাৰণ কৰিছিল।
ম’হৰ ৰূপ ধাৰণ কৰি শিৱই অন্য ম’হৰ জাকৰ সৈতে চৰি ফুৰিছিল। পঞ্চ পাণ্ডৱে লাহে লাহে সেই কথাটো অনুমান কৰিব পাৰিছিল। সেয়ে ভীমে নিজৰ শৰীৰটোৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ মাজত নিজৰ ভৰি দুখন মেলি দিছিল আৰু ভীমৰ ভৰিৰ তলেৰে সকলে জীৱ জন্তু পাৰ হৈ গৈছিল। কিন্তু ম’হ ৰূপী শিৱ ৰৈ গল। কাৰণ ভৰিৰ তলেৰে শিৱ পাৰ হৈ যোৱাত অস্বীকাৰ কৰিছিল। সেয়হে ম’হ ৰূপী নিজৰ ঠাইতে ৰৈ গল।
আৰু তেতিয়া ভীমে অনুমান কৰিব পাৰিলে, এয়া যে সাধাৰণ ম’হ নহয়। তেতিয়া ভীমে ম’হটোক লগা লগ জপিয়াই ধৰোঁতে ম’হ ৰূপী শিৱই পাতালত লুকাবলৈ লয়। কিন্তু ভীমে ম’হটোৰ পাছৰ অংশ জোৰেৰে সাৱটি ধৰে।
শিৱই পঞ্চ পাণ্ডৱৰ ভক্তি আৰু কঠোৰ সংকল্পত সন্তষ্ট হৈ তেওঁলোকৰ আগত নিজৰ দৰ্শন দিয়ে আৰু পঞ্চ পাণ্ডৱক আৰ্শীবাদ দি পাপৰ পৰা মুক্তি দিয়ে। আৰু সেই স্হানতে পঞ্চ পাণ্ডৱে কেদাৰনাথ মন্দিৰ স্হাপন কৰে। আৰু তেতিয়াৰ পৰা মহাদেৱ শিৱক ম’হৰ পিছৰ আকৃতিৰ ৰূপত কেদাৰনাথ পূজা অৰ্চনা কৰি অহা হৈছে।
আনহাতে উল্লেখনীয় কথাটো হল যে, কেদাৰনাথ মন্দিৰৰ দুৱাৰ শীত ঋতুত বন্ধ কৰি দিয়া হয়। মন্দিৰৰ পুৰোহিতে এগচি বন্তি জ্বলাই সন্মান সহকাৰে ৬মাহৰ বাবে কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে। আৰু এই ৬মাহ কেদাৰনাথ মন্দিৰৰ ওচৰে পাজৰে কোনো লোকে বসবাস নকৰে। আচৰিত কথাটো হল যে, এই ৬মাহ চাকি এগচি নুনুমোৱাকৈ নিৰন্তৰ জ্বলি থাকে। এই কথাৰ অন্তত প্ৰতিজন অন্তৰ লোকৰ শিৱ ভক্তিত গোট গোট হৈ পৰে।