বেছিসংখ্যক লোকেই মুখ আৰু চুলিৰ যত্নৰ প্রতি অধিক গুৰুত্ব দিয়ে৷ মুখৰ ৰং উন্নত কৰাৰ বাবেই হওক, মেকআপৰ বাবেই হওক বা চুলিৰ জিলিকনি আৰু বৃদ্ধিৰ বাবেই হওক, আমি বিভিন্ন উপায় অৱলম্বন কৰোঁ । কিন্তু এই সকলোবোৰৰ মাজতে ওঁঠ দুটাক আওকাণ কৰা হয়৷ আনহাতে ওঁঠৰ ছালখন আন অংশৰ ছালতকৈ অধিক পাতল আৰু সংবেদনশীল, গতিকে ইয়াকো বিশেষ যত্নৰ প্রয়োজন৷ ইয়াৰ বাবে ব্যয়বহুল সামগ্রীৰ প্রয়োজনো নহয় আৰু বেছি কষ্টৰো প্রয়োজন নহয়৷ মাত্র আপোনাৰ পাকঘৰত থকা সামগ্রীৰে অলপ যত্ন লৈয়ে প্রয়োজনীয সৌন্দর্য পাব পাৰে৷
ওঁঠ ফাটি যোৱাৰ পৰা হাত সাৰিবলৈ আর্দ্রতাৰ অভাৱ হ’বলৈ নিদিব৷
1.হাইড্রেটেড হৈ থাকক৷ প্রচুৰ পৰিমাণে পানী খাব লাগে৷
2. আপুনিও সতেজ কুহুমীয়া ঘিউ লগাব পাৰে, ইয়াৰ ফলত ওঁঠৰ ৰং গোলাপী হৈ পৰিব আৰু ক’লা ৰং নাইকিয়া হৈ যাব৷
3. ক্রীমো প্রয়োগ কৰিব পাৰি৷
4. প্রাকৃতিক মৃদু লিপ স্ক্রাব ব্যৱহাৰ কৰি চাওক, যেনে মৌ আৰু চেনিৰ স্ক্রাব৷ দুয়োটা মিহলাই প্রায় এক মিনিট মান ওঁঠত মালিচ কৰক৷
5. এলোভেৰা জেলৰ লগত মিহলি কিছু মৌ লগাই ওঁঠত মালিচ কৰিব৷ দহ মিনিটৰ পিছত ধুই পেলাওক৷
6. কেশৰ পিহি কিছু গাখীৰ মিহলাই লওক৷ ইয়াৰ সৈতে স্ক্রাব কৰক৷
7. আপুনিও পোনে পোনে মৌ প্রয়োগ কৰিব পাৰে৷ মৌৰে ওঁঠ দুটা লাহে লাহে মালিচ কৰক৷ ইয়াৰ ফলত শুকানতা দূৰ হ’ব৷
*নাভিত সৰিয়হ বা নাৰিকল তেল লগাব
a. গৰমৰ দিনত এছ পি এফযুক্ত লিপ বাম প্রয়োগ কৰিব লাগে৷
b. লিপষ্টিক লগোৱাৰ আগতে লিপ বাম লগাব লাগে৷
c. ওঁঠৰ মেকআপ আঁতৰাই শুব লাগে৷
d. প্রাকৃতিক সামগ্রী ব্যৱহাৰ কৰক৷ সস্তীয়া লিপষ্টিক ব্যৱহাৰ নকৰিব৷
e. আজিকালি আর্দ্র ওঁঠৰ ৰংও আহে৷
f. গ্লিচাৰিনৰ আধা বটলত দুটা নেমুৰ ৰস মিহলাই ৰাখিব৷ দিনটোত কেইবাবাৰো ওঁঠত লগাব লাগে৷
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।