ভাৰতৰ আধ্যাত্মিক গুৰুৰ অতুলনীয় উদ্ভাৱন হৈছে ধ্যান।যিদৰে ভাল গ্ৰন্থই মানুহক জ্ঞান আৰু মনোৰঞ্জন প্ৰদান কৰে ঠিক তেনেদৰে দিনটোত অতিকমেও ২মিনিটৰ ধ্যানে মানসিক প্ৰশান্তি অর্জনত সহায় কৰে।হিন্দু,মুছলিম আদি ধৰ্মৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিজ্ঞান মানসিকতাই ও ধ্যানৰ সুফলতাক একেষাৰে স্বীকাৰ কৰি আহিছে।তদুপৰি দিনটোৰ ২মিনিটৰ ধ্যানে মনৰ মাজত জাগ্ৰত সুপ্ত প্ৰতিভাক জগাই তোলাৰ লগতে ২১দিন পর্যন্ত মানৱ মনৰ বৌদ্ধিক ক্ষমতাকো জাগ্ৰত কৰি তোলে।
বৰ্তমানৰ এই সদাব্যস্ত জীৱনত সকলোৱে পূৰ্ণতাৰে জীৱন অতিবাহিত কৰিব বিচাৰে যদিও প্ৰতিযোগিতাৰ এই সময়বোৰে শৰীৰ চৰ্চাক একপ্ৰকাৰ পাহৰাই ৰখাৰ লগতে মনটোক ব্যতিব্যস্ত কৰি তোলে।যাৰ ফলস্বৰূপে সকলোৱে চিকিৎসামুখী হোৱাৰ উপৰিও অন্তৰংগ যোগেৰে জনপ্ৰিয় ধ্যানৰ কথা পাহৰি থাকে।এই সকলোবোৰৰ একমাত্ৰ সমাধানটো হৈছে-The preservation of health is easier than the cure of the disease.অৰ্থাৎ ৰোগ নিৰাময়ৰ কথা চিন্তা কৰাতকৈ স্বাস্থ্যৰ যতন অতি সহজলভ্য।যাক সহজ ভাষাত কোৱা হয় যে ঔষধ সেৱনৰ পৰিবৰ্তে প্ৰতিদিনৰ ২মিনিটৰ ধ্যানে মানৱ শৰীৰত সহজে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ গঢ় দিব পাৰে।
ধ্যান হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে চঞ্চল মনক একবিন্দুত একত্ৰিত কৰা সম্ভৱপৰ হৈ পৰে।তদুপৰি ভাৰতীয় শাস্ত্ৰই ইয়াকে প্ৰতিপন্ন কৰিছে যে ধ্যানৰ দ্বাৰা এটা তেজস্বী মনৰ গৰাকী হোৱাৰ লগতে মগজুক অসীম শক্তিৰ ভঁৰাললৈ ৰূপান্তৰ কৰিব পাৰি।ধ্যানৰ সন্দৰ্ভত বিজ্ঞানে প্ৰমাণ কৰিছে যে প্ৰতিদিনে এজন সুস্থ ব্যক্তিৰ মগজুৱে ৬০০০০ৰ ওপৰত চিন্তাৰ ভাৰ বহন কৰে।ধ্যানৰ দ্বাৰাহে মগজুৰ কৰটিছ’ল হ’ৰমনৰ নি:সৰণ সন্তুলিত কৰিব পৰা যায় লগতে মগজুৰ নিষ্ক্ৰিয় কোষ আৰু নিউৰণ বোৰক সক্ৰিয় কৰিব পৰা যায়।
মানৱ মনৰ ভাৰসাম্য কম কৰিবলৈ ধ্যান অতি দৰকাৰী। শৰীৰৰ অন্ত: আৰু বহি: অংগসমূহত সৃষ্টি হোৱা মেদবহুলতা,মধুমেহ আদিবোৰৰ নিৰাময়ত ধ্যানে অধিক পৰিমানে সহায় কৰে।ধ্যানে স্ট্রেছৰ লক্ষণবোৰক বিপৰীতমুখী কৰি তোলে।
আজিৰ এই যান্ত্ৰিক জীৱনত মানসিক উত্তেজনা,বিষন্নতা আদিবোৰ হৈছে এক এৰাব নোৱাৰা অংগ।তদুপৰি ক্ৰোধ প্ৰবণতা,অস্থিৰ মনোভাৱ আদিয়েও সকলো সময়তে গা কৰি নথকা নহয়।ধ্যানেই এই সকলোবোৰ দূৰ কৰি মানুহ ক ইতিবাচক চিন্তাৰ অধিকাৰী কৰি তোলে আৰু মনক শান্ত কৰি স্মৃতি শক্তিৰ আবিৰ্ভাৱ কৰি মগজুৰ ৰাসায়নিক গঠনত ধনাত্মক পৰিবৰ্তনৰ জোৱাৰ আনে।
বৰ্তমানৰ এই ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰাত চাৰিওদিশত মাথোঁ উদ্বিগ্নতাই গা কৰি থকা দেখা যায়।যাৰ ফলত মনৰ চিন্তা, বিমৰ্ষ আদিৰ লগতে মগজুৰ পৰা বিটা তৰংগৰ সৃষ্টি হয়।বিটা তৰংগ হল অস্থিৰতাৰ মূল প্ৰতীক।ধ্যানৰ দ্বাৰাই হে ব্যক্তিজীৱনৰ উদ্বিগ্নতা,অসহিষ্ণুতা নিয়ন্ত্ৰণ কৰাৰ লগতে মগজুৰ বিটা তৰংগ আলফা তৰংগলৈ পৰিবৰ্তন হয়।আনহাতে মাদক দ্ৰব্য সেৱনৰ অভ্যাস আঁতৰ কৰাও ধ্যানৰ সম্ভৱপৰ হৈ পৰে।ধ্যান হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিজীৱনৰ প্ৰদূষিত দোষবোৰক ধুই পখালি কৰ্ম-শিক্ষা সকলোতে মনোযোগ বৃদ্ধি কৰি মানসিক বিকাশ আৰু অনিদ্ৰাক দূৰ কৰাটো সম্ভৱ হৈ পৰে।
প্ৰাচীন যুগত বৈদিক প্ৰণালী ধ্যান কৰোতে বিভিন্ন দিশৰ প্ৰতি চকু দিয়া দৰকাৰ।ধ্যানৰ বাবে প্ৰথম প্ৰয়োজন হৈছে এক মুকলি আৰু শান্ত পৰিবেশ।ৰাতিপুৱা আৰু আবেলি হৈছে ধ্যান কৰাৰ এক উত্তম সময়।তদুপৰি ঈশ্বৰ আৰাধনা সময়ো ধ্যানৰ বাবে অতি উপযোগী হয়।ধ্যান কৰিবলৈ প্ৰথমে এক শান্ত পৰিবেশত পোন মেৰুদণ্ডৰ দ্বাৰা পদ্মাসন,বজ্ৰাসন আদি আসনত বহি লব লাগে।ইয়াৰ পিছত নিজৰ নাভিৰ পৰা জাগ্ৰত কাৰ্য মুখেৰে অতি কমেও ৩বাৰ ঔম উচ্চাৰণ কৰিব লাগে।ধ্যানৰ সময়ত নিজৰ দৃষ্টিশক্তিক নাকৰ সমুখভাগত ৰখা অতি দৰকাৰী।
লগতে ধ্যানৰ সময়ত মনলৈ অহা অলাগতিয়াল মনোভাবৰ পৰিবৰ্তে নিজৰ শ্বাস-প্ৰশ্বাহৰ মনোনিবেশ কৰা অতি প্ৰয়োজন।অতিকমেও ২মিনিটৰ পৰা আৰম্ভ কৰা ধ্যানে প্রায় ২১দিনৰ ভিতৰতে মানৱ শৰীৰ আৰু মনলৈ প্ৰশান্তি অনাৰ লগতে মনটোক এক বিন্দুত একত্ৰিত কৰা সম্ভৱ বুলি পূৰ্বৰ পৰা প্ৰচলন হৈ আহিছে। লগতে মগজুৰ পৰা বিটা তৰংগৰ সৃষ্টি হয়।বিটা তৰংগ হল অস্থিৰতাৰ মূল প্ৰতীক।ধ্যানৰ দ্বাৰাই হে ব্যক্তিজীৱনৰ উদ্বিগ্নতা,অসহিষ্ণুতা নিয়ন্ত্ৰণ কৰাৰ লগতে মগজুৰ বিটা তৰংগ আলফা তৰংগলৈ পৰিবৰ্তন হয়।আনহাতে মাদক দ্ৰব্য সেৱনৰ অভ্যাস আঁতৰ কৰাও ধ্যানৰ সম্ভৱপৰ হৈ পৰে।ধ্যান হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিজীৱনৰ প্ৰদূষিত দোষবোৰক ধুই পখালি কৰ্ম-শিক্ষা সকলোতে মনোযোগ বৃদ্ধি কৰি মানসিক বিকাশ আৰু অনিদ্ৰাক দূৰ কৰাটো সম্ভৱ হৈ পৰে।
প্ৰাচীন যুগত বৈদিক প্ৰণালী ধ্যান কৰোতে বিভিন্ন দিশৰ প্ৰতি চকু দিয়া দৰকাৰ।ধ্যানৰ বাবে প্ৰথম প্ৰয়োজন হৈছে এক মুকলি আৰু শান্ত পৰিবেশ।ৰাতিপুৱা আৰু আবেলি হৈছে ধ্যান কৰাৰ এক উত্তম সময়।তদুপৰি ঈশ্বৰ আৰাধনা সময়ো ধ্যানৰ বাবে অতি উপযোগী হয়।ধ্যান কৰিবলৈ প্ৰথমে এক শান্ত পৰিবেশত পোন মেৰুদণ্ডৰ দ্বাৰা পদ্মাসন,বজ্ৰাসন আদি আসনত বহি লব লাগে।ইয়াৰ পিছত নিজৰ নাভিৰ পৰা জাগ্ৰত কাৰ্য মুখেৰে অতি কমেও ৩বাৰ ঔম উচ্চাৰণ কৰিব লাগে।ধ্যানৰ সময়ত নিজৰ দৃষ্টিশক্তিক নাকৰ সমুখভাগত ৰখা অতি দৰকাৰী।লগতে ধ্যানৰ সময়ত মনলৈ অহা অলাগতিয়াল মনোভাবৰ পৰিবৰ্তে নিজৰ শ্বাস-প্ৰশ্বাহৰ মনোনিবেশ কৰা অতি প্ৰয়োজন।অতিকমেও ২মিনিটৰ পৰা আৰম্ভ কৰা ধ্যানে প্রায় ২১দিনৰ ভিতৰতে মানৱ শৰীৰ আৰু মনলৈ প্ৰশান্তি অনাৰ লগতে মনটোক এক বিন্দুত একত্ৰিত কৰা সম্ভৱ বুলি পূৰ্বৰ পৰা প্ৰচলন হৈ আহিছে।